NORTHEAST NOW (Assamese)
Popular Stories

কাৰোৰে দুখ কষ্ট নুবুজে এই পাঁচজন ব্যক্তিয়ে, দূৰত্ব বজাই ৰাখক এওঁলোকৰ পৰা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 29, 2023 3:55 pm

আচাৰ্য চাণক্যই চাণক্য নীতি নামৰ সংহিতাৰ জৰিয়তে নিজৰ আজীৱন জ্ঞান আৰু অভিজ্ঞতা প্ৰকাশ কৰিছিল। চাণক্যৰ এই নীতিয়ে মানৱ জীৱনৰ প্ৰতিটো গুৰুত্বপূৰ্ণ দিশ সামৰি লৈছে।

মানৱ জীৱনত কি কৰিব লাগে আৰু কি কৰিব নালাগে সেই কথা তেওঁ আঙুলিয়াই দিছে। দৈনন্দিন জীৱনত যদি আমি এই নীতিসমূহ সঠিকভাৱে পালন কৰো তেন্তে বহুতো সমস্যাৰ পৰা হাত সাৰিব পাৰি। চাণক্যৰ নীতিত কিছুমান বিশেষ ব্যক্তিৰ কথা উল্লেখ আছে, যাৰ পৰা সদায় দূৰত্ব বজাই ৰাখিব লাগে। কাৰণ তেওঁলোকে কেতিয়াও কাৰো দুখ বুজি নাপায়।

চাণক্যৰ মতে, কোনবোৰ মানুহৰ পৰা সদায় আঁতৰি থাকিব লাগে –

মদ্যপায়ীৰ পৰা আঁতৰি থাকক

পণ্ডিত চাণক্যৰ মতে সুৰাসক্ত ব্যক্তিৰ পৰা সদায় আঁতৰি থাকিব লাগে। কাৰণ এনে মানুহ সদায় টকা সংগ্ৰহৰ কামত ব্যস্ত থাকে। টকাৰ বিনিময়ত চুৰি, ডকাইতি, হত্যাৰ দৰে অপৰাধ সংঘটিত কৰিবলৈ কুণ্ঠাবোধ নকৰে। তেওঁলোকৰ বাবে মদ্যপানেই আটাইতকৈ ডাঙৰ অগ্ৰাধিকাৰ। এনে মানুহৰ লগত থাকিলে হৈ আপুনিও তেওঁলোকৰ দৰে হ’ব পাৰে, নহ’লে তেওঁলোকৰ অন্যায়ৰ মূল্য আপুনিও দিব লাগিব পাৰে।

স্বাৰ্থপৰ মানুহ

চাণক্যই কৈছিল, স্বাৰ্থপৰ মানুহে কেৱল নিজৰ কথাহে ভাবে। এনে লোকে আনৰ বেদনা কেতিয়াও বুজি নাপায়। গতিকে এনে মানুহৰ পৰা সদায় আঁতৰি থকাই ভাল।

চোৰৰ পৰা আঁতৰি থাকক

চুৰি কৰাৰ উদ্দেশ্য থকা মানুহৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰা উচিত। কাৰোবাৰ দুখ চোৰে কেতিয়াও বুজি নাপায়। চুৰিৰ পিছত ভুক্তভগীৰ কিমান ক্ষতি হ’ব পাৰে সেয়া তেওঁলোকে বুজিব নিবিচাৰে। ।

ৰজা আৰু প্ৰশাসন

চাণক্য নীতি অনুসৰি ৰজা আৰু প্ৰশাসনে সাধাৰণ মানুহৰ দুখ, অনুভূতি বুজি নাপায়। নিয়ম আৰু প্ৰমাণৰ ভিত্তিত তেওঁলোকে সদায় যিকোনো সিদ্ধান্ত লয়। মানুহক ন্যায় দিব পৰা সিদ্ধান্ত লয়। সেইবাবেই তেওঁলোক বৰ কঠোৰ।

যমৰাজ

সকলোৱে এদিন নহয় এদিন এই পৃথিৱী এৰিব লাগিব। এইয়াই পৃথিৱীৰ শাসন। কাৰোবাৰ মৃত্যুৰ সময় আহিলে যমৰাজে কাকো ৰেহাই নিদিয়ে। কাৰো দুখ, অনুভৱ তেওঁ বুজি নাপায়। গতিকে সদায় সাৱধানে চলিব লাগে।