NORTHEAST NOW (Assamese)
ক্ৰীড়া

১০-২! দুৰন্ত ভাৰত, বিধ্বস্ত পাকিস্তান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 30, 2023 9:44 pm
Asian Games 2023

হাংঝ’ত আজি ইতিহাস ৰচিলে ভাৰতে। অদমনীয়, দুৰন্ত ভাৰতৰ প্ৰদৰ্শনত বিধ্বস্ত হৈ পৰিল পাকিস্তান। ভাৰতীয় দলৰ সন্মিলিত আক্ৰমণত দিশহাৰা হৈ পৰা পাকিস্তান হকী দলে আজি এছিয়ান গেমছত হাৰ মানিলে ১০-২ ব্যৱধানত।

ভাৰতৰ হৈ হৰমনপ্ৰীত সিঙে ৪টা, বৰুণ কুমাৰে ২টা, মনদ্বীপ সিং, ললিত উপাধ্যায়, চমছেৰ সিং আৰু সুমিতে এটাকৈ গল দিয়ে। এইদৰে পাকিস্তানৰ বিপক্ষে এখন মেচত সৰ্বাধিক গলৰ ন-অভিলেখ গঢ়ে ভাৰতে।

হকীৰ ইতিহাসত ভাৰত-পাকিস্তানৰ মুখামুখিত ইয়াৰ পূৰ্বে কোনো এটা দলেও দহকৰ ঘৰ স্পৰ্শ কৰিব পৰা নাছিল। দুয়োটা দলৰে ইয়াৰ পূৰ্বৰ ৰেকৰ্ড আছিল ৭-১ ব্যৱধানৰ।

ইফালে আন এক ইতিহাস ৰচনা কৰিছে ভাৰতৰ পুৰুষ বেডমিণ্টন দলে। এছিয়ান গেমছৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশেৰে ঐতিহাসিক স্বৰ্ণ জয়ৰ প্ৰায় দুৱাৰডলিত উপনীত হৈছে ভাৰত।

Asian Games Badminton: Indian men's team creates history, reaches  first-ever final

ফাইনেলত প্ৰৱেশৰ পথত ভাৰতে ৩-২ ব্যৱধানত পৰাস্ত কৰে দক্ষিণ কোৰিয়াক। প্ৰথমখন মেচত এইচ এছ প্ৰণয়ে জেয়ন হ্য’কজিনক পৰাস্ত কৰাৰ বিপৰীতে দ্বিতীয় মেচত সাত্বিকছাইৰাজ ৰেংকিৰেডী-চিৰাগ ছেট্টীৰ যুটী ছিও চেউংজে-কাং মিনহিউকৰ বিপক্ষে হাৰ মানে।

আনহাতে তৃতীয় মেচত লক্ষ সেনে ইউংগিউক পৰাস্ত কৰি ভাৰতক ২-১ ৰ অগ্ৰগতি দিয়ে। কিন্তু ডাবলছৰ আনখন মেচত কিম ৱনহো-না ছুংচেউঙৰ হাতত পৰাস্ত হয় এম আৰ অৰ্জুন-ধ্ৰুৱ কপিলা যুটী।

অৱশ্যে নিৰ্ণায়ক মেচত ভাৰতৰ তাৰকা শ্বাটলাৰ কিদাম্বী শ্ৰীকান্তে চো জিঅ’নিয়পক পৰাস্ত কৰি ভাৰতীয় পুৰুষ দলৰ ন-ইতিহাসৰ পথ প্ৰশস্ত কৰে আৰু কমেও ৰূপৰ পদক নিশ্চিত কৰে।

এথলেটিকছতো আজি ভাৰতে লাভ কৰে দুটাকৈ সফলতা। ১০০০০ মিটাৰ দৌৰত ভাৰতৰ হৈ কাৰ্তিক কুমাৰ আৰু গুলৱীৰ সিঙে ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে।