NORTHEAST NOW (Assamese)
অসম

দিল্লীত ভূমিকম্পৰ তীব্ৰ জোকাৰণি, ৰিখটাৰ স্কেলত ৬.২ প্ৰাবল্য; উৎপত্তিস্থল নেপাল

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী October 3, 2023 3:40 pm

এক তীব্ৰ ভূমিকম্পই কঁপাই গৈছে দেশৰ ৰাজধানী দিল্লী। ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৬.২। মঙলবাৰে বিয়লি ২:৫১ বজাত সংঘটিত হয় এই ভূমিকম্প।

ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে নেপালৰ ভাটেখোলাৰ পৰা ২ কিলোমিটাৰ আঁতৰত, ভূপৃষ্ঠৰ পাঁচ কিলোমিটাৰ গভীৰত আছিল ভূমিকম্পৰ অভিকেন্দ্ৰ।

সূত্ৰৰ পৰা জানিব পৰা মতে, ৪০ ছেকেণ্ড ধৰি চলিছিল এই কম্পন। সেইবাবেই ইয়াৰ তীব্ৰতা ইমান বেছি আছিল।

দিল্লী, এন চি আৰৰ উপৰি উত্তৰ প্ৰদেশৰ লক্ষ্নৌ, হাপুৰ, আমৰোহাতো ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।

ইপিনে, দেওবাৰে নিশা দিল্লীৰ চুবুৰীয়া ৰাজ্য হাৰিয়ানাৰ কিছু অংশ ভূমিকম্পই জোকাৰি গৈছিল। নিশা প্ৰায় ১১:২৬ বজাত অনুভুত হৈছিল এই ভূমিকম্প। ইয়াৰ অভিকেন্দ্ৰ আছিল ৰোহটকৰ পৰা ৭ কিলোমিটাৰ পূব, দক্ষিণ-পূবত।