NORTHEAST NOW (Assamese)
অসম

মেঘালয়ৰ বনাঞ্চলত উদ্ধাৰ দুই নিৰুদ্দেশ যুৱক-যুৱতীৰ মৃতদেহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 4, 2023 2:06 pm

শেহতীয়াকৈ নিৰুদ্দেশ হোৱা দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে মেঘালয়ৰ পূব খাছি পাহাৰ জিলাৰ এখন অৰণ্যত।

নিৰুদ্দেশ হোৱা যুৱক-যুৱতীৰ নাম ফিবাংকিনটিউ ছান আৰু ৱালামবক কুৰবাহ ।

খবৰ অনুসৰি জিলাখনৰ ট্ৰাও ছাইটখলিয়েহ অঞ্চলৰ এখন বনাঞ্চলৰ পৰা উদ্ধাৰ হয় তেওঁলোকৰ মৃতদেহ।

জানিব পৰা মতে, ২০ ছেপ্টেম্বৰত এই যুটিটো ঘৰৰ পৰা ওলাই গৈছিল। শেষবাৰৰ বাবে  তেওঁলোকক দেখা গৈছিল মাউফলাং মহকুমাৰ মাৰবিছু গাঁৱৰ নিজৰ ঘৰত।

মঙলবাৰে ফিবাংকিনটিউ ছানৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে পিছদিনা ৱালামবক কুৰ্বাহৰ মৃতদেহ উদ্ধাৰ কৰা হয়।