NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাৰ কবিতা-নায়কলৈ

Posted by: হৰেকৃষ্ণ ডেকা Updated by: হৰেকৃষ্ণ ডেকা October 7, 2023 2:15 pm

নায়কলৈ

———

ৱেচুৱিয়াচৰ উদ্গীৰণ হৈছিল

আৰু প’ম্পী নগৰ পোত গৈছিল

ৱেচুৱিয়াচ জাগ্রত হোৱাৰ

সম্ভেদ পোৱাৰ আগতেই ৷

 

যদি অহমিকা হৈ পৰে অন্ধ

আৰু গর্বই আটে কাণত ঠিলা,

যদি তুমি পঢ়ুৱাব খোজা দয়াময়ৰ পাঠ

আৰু আন বহুমতৰ মাজত ঘটে বিভেদ,

তুমি যদি ভাবা সৰৱ মাতৰ মুষ্ট্যাঘাতেৰে

 ভিন্ন মতক পঠিয়াব পাৰিবা ভূগর্ভলৈ,

যদি ভূগর্ভত ক্রমে সঞ্চিত হয় উত্তেজনা,

আৰু তোমাৰ কুঁহিপাঠ বিদাৰি উদ্গাৰি ওলায়

এক ৱেচুৱিয়াচ,

নায়ক, কোন লাভাত পোত যাব তোমাৰ সৰব মাত?

—-