NORTHEAST NOW (Assamese)
ছিকিম

বিপৰ্যস্ত ছিকিমত উদ্ধাৰ নিৰুদ্দিষ্ট ৮ জোৱানৰ মৃতদেহ: এতিয়াও সন্ধানহীন ১৪ জন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 7, 2023 8:05 pm

ভয়াৱহ বানে ধুই যোৱা বানৰ ফলত ছিকিমত নিৰুদ্দেশ হৈ থকা ২০ গৰাকীতকৈও অধিক জোৱানৰ মাজৰে ৮ গৰাকী জোৱানৰ মৃতদেহ উদ্ধাৰ হৈছে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সদৰী কৰিছে এই তথ্য।

বানৰ কবলত পৰা ৰাজ্যখনত বুধবাৰে সেনাবাহিনীৰ ২৩ জন জোৱান নিৰুদ্দেশ হৈছিল। উক্ত দিনাই বিয়লি নিৰুদ্দেশ হোৱা এজন জোৱানক উদ্ধাৰ কৰা হৈছিল।

এক টুইট যোগে ৰাজনাথ সিঙে জোৱানকেইগৰাকীৰ মৃতদেহ উদ্ধাৰৰ বিষয়ে সদৰী কৰাৰ লগতে সিঙে জোৱানকেইগৰাকীৰ মৃত্যুৰ বাবে তেওঁ গভীৰভাৱে যন্ত্ৰণাত ভুগিছে বুলি শোক প্ৰকাশ কৰে।

তেওঁ লগতে নিৰুদ্দিষ্ট আন ১৪ জন জোৱান আৰু নিৰুদ্দেশ হোৱা সাধাৰণ লোকসকলক উদ্ধাৰৰ অভিযান অব্যাহত আছে বুলি সদৰী কৰে।

উল্লেখ্য যে, ছিকিম চৰকাৰে জানিবলৈ দিয়া মতে, ছিকিমত ২৫ হাজাৰৰো অধিক লোক বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। ভয়াৱহ বানে ৰাজ্যখনত ১৩খন দলং উটুৱাই লৈ যায় বুলিও চৰকাৰে প্ৰকাশ কৰিছে।