NORTHEAST NOW (Assamese)
অসম

এইবাৰ ১০০০ বিঘাৰ বিশাল মাটিত চকু ৰিণিকি ভূঞা শৰ্মাৰ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 9, 2023 9:25 pm

এইবাৰ ১০০০ বিঘাৰ বিশাল মাটিত চকু ৰিণিকি ভূঞা শৰ্মাৰ! কামৰূপ নগাঁৱৰ পৰা গৈ কাৰ্বি পাহাৰত এইবাৰ মাটিৰ খক পূৰণৰ চেষ্টা ৰিণিকি শৰ্মা ভূঞাৰ। 

অসমীয়া লোক জীৱনত এফাকি বিহু নাম আছে, কৈনো কৈ থাকিলেও ওৰকে নপৰে ৰঙালী বিহুৰে কথা। আনন্দই নধৰা হিয়া অৰ্থাৎ বিহু-বিহুৱতীয়ে তীব্ৰ আৱেগ ঢালি এই বিহুনাম ফাকি গাই বহাগ বিহুৰ আনন্দ উছৱত মতলীয়া হৈ থাকে। এতিয়া এই বিহুনাম ফাকিকে কিছু সলনি কৰি অসমীয়া মানুহে গাব পৰা হৈছে কৈনো কৈ থাকিলেও ওপৰকে নপৰে মুখ্যমন্ত্ৰী পত্নীৰ মাটিৰে কথা। 

নামনি-উজনি, উত্তৰে-দক্ষিণে এতিয়া সকলোতে ওলাইছে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ মাটিৰে কথা। হয় কামৰূপ নগাঁও, গোলাঘাটৰ পাছত এইবাৰ কাৰ্বি পাহাৰত ওলাইছে ওলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ মাটি। জনজাতীয় নেতা জন ইংতি কাথাৰে এই বিস্ফোৰক তথ্য প্ৰদান কৰিছে। 

জন ইংতি কাথাৰে বিস্ফোৰণ ঘটোৱাৰ পাছতে এতিয়া সৰ্বত্ৰে পুনৰ চৰ্চা লাভ কৰিছে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিক ভূঞা শৰ্মাৰ ভূমিপ্ৰীতিৰ কথা। লগতে উদয় হৈছে কেতবোৰ উদ্ৰেকজনক প্ৰশ্নৰ। সঁচাকৈ মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত আৱণ্টন হৈছে নেকি? কাৰ্বি আংলং জিলাৰ ১০০০ বিঘাকৈ ষষ্ঠ অনুসূচীৰ মাটিত কেনেকৈ লাভ কৰিব সাধাৰণ শ্ৰেণীৰ লোক ৰিণিকি ভূঞা শৰ্মাই? ছাঁটোৰ দৰে থকা তুলিৰাম ৰহাংঙেয়ে গতাবলৈ ওলাইছে নেকি মুখ্যমন্ত্ৰী পত্নীক পাহাৰৰ ১০০০ বিঘা মাটি? ১০০ কোটি ঠিকাৰ বিনিময়ত তুলিৰাম ৰংহাঙে মুখ্যমন্ত্ৰী পত্নীক উপহাৰ ৰূপে দিছে নেকি ষষ্ঠ অনুসূচীৰ ভূমি? 

উল্লেখ্য যে কাৰ্বি আংলং জিলা সংবিধানৰ ষষ্ঠ অনুসূচী অন্তৰ্ভুক্ত। সেয়ে জনজাতীয় লোকৰ বাহিৰে অন্য লোকে ক্ৰয় কৰিব নোৱাৰে কাৰ্বি পাহাৰৰ ভূমি। কিন্তু ইয়াৰ পাছতো কেনেকৈ মুখ্যমন্ত্ৰী পত্নীয়ে এই ভূমি ক্ৰয়ৰ চেষ্টা কৰিছে বা আৱণ্টন লাভ কৰিছে সেয়া ৰহস্যৰ বিষয় হৈ পৰিছে। যদি মুখ্যমন্ত্ৰীৰ পত্নীয়ে ১০০০ বিঘাৰ মাটি লাভ কৰিছে তেনে এয়া হ’ব ৰাজ্যৰ ইতিহাসৰে সৰ্ববৃহৎ ভূমি কেলেংকাৰী।

জন ইংতি কাথাৰে এতিয়াও সেই ভূমিক লৈ কেতবোৰ প্ৰশ্নৰ উত্থাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে ১০০০ বিঘা মাটি লৈছে বুলি অভিযোগ কৰি প্ৰশ্ন কৰিছে যে এই মাটি কেনেকৈ দিয়া হৈছে অথবা ক্ৰয় কৰা হৈছে নেকি? চৰকাৰ তথা ৰাজহ বিভাগে এই বিষয়ে কাৰ্বি জনতাক স্পষ্ট কৰিব লাগে। কাৰ্বি স্বায়ত্ত শাসিত পৰিষদে এই মাটি মুখ্যমন্ত্ৰী পৰিয়ালক দিছে নেকি সেয়াও কাৰ্বি জনতাক জনাব লাগিব বুলি দাবী কৰে জন ইংতি কাথাৰে। 

ইফালে এই অভিযোগৰ পাছতে সামাজিক মাধ্যমত পুনৰ ৰিণিকি ভূঞা শৰ্মাৰ ভূমিৰ খকে চৰ্চা লাভ কৰিছে। উল্লেখ্য কামৰূপ জিলাৰ পাছতে কিছুদিন পূৰ্বে নগাঁও জিলাৰ কলিয়াবৰত মুখ্যমন্ত্ৰী পত্নীৰ মাটিৰ কেলেংকাৰীয়ে সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছিল। দেশৰ ৰাজনীতিতো বিশেষ চৰ্চা লাভ কৰিছিল বিষয়টোৱে। 

এই তথ্য ফাদিল হোৱাৰ পাছতে সৰৱ হৈছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ। অখিল গগৈয়ে উক্ত ঠাইত চৰজমিন পৰিভ্ৰমণ কৰি কেতবোৰ বিস্ফোৰক অভিযোগ কৰিছে। অখিল গগৈৰ অভিযোগ যে মুখ্যমন্ত্ৰী পৰিয়ালৰ চাহ বাগান কাঞ্চজুৰি পৰাই সামগ্ৰী নি কাৰ্বি পাহাৰটোত ট্ৰেকিঙৰ আন্তঃগাঁথনি নিৰ্মাণ কৰি থকা হৈছে। স্থানীয় লোকৰ উদ্ধৃতিৰে বিধায়ক অখিল গগৈয়ে আৰু কয় যে নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰিবলৈ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিক ভূঞাই শৰ্মা সেই স্থানত উপস্থিত হৈছিল। ইফালে ট্ৰেকিঙৰ বিপুল সম্ভাৱনা থকা সেই নিৰ্দিষ্ট পাহাৰটো ইয়াৰ আন্তঃগাঁথনি নিৰ্মাণৰ সমান্তৰালভাৱে স্থানীয় লোকে হোমষ্টেও নিৰ্মাণ কৰি থকা বুলি সদৰী কৰিছে বিধায়ক গগৈয়ে। অৰ্থাৎ ট্ৰেকিঙৰ লগতে পৰ্যটনৰ বিপুল সম্ভাৱনা থকা পাহাৰটোত অসম চৰকাৰৰ পৰ্যটন বিভাগে আন্তঃগাঁথনি নিৰ্মাণ কৰা বিপৰীতে ব্যক্তিগত প্ৰতিষ্ঠানেহে নিৰ্মাণ কৰি থকা বুলিও কোৱা হৈছে। প্ৰশ্ন হৈছে অসম চৰকাৰৰ বিয়াগোম পৰ্যটন বিভাগ এটা থকাৰ পাছতো পাহাৰটোত কিয়  ট্ৰেকিঙৰ আন্তগাঁথনি নিৰ্মাণ কৰা নাই পৰ্যটন বিভাগে? 

জন ইংতি কাথাৰ আৰু অখিল গগৈৰ অভিযোগৰ পিছতে এতিয়া কেতবোৰ ৰহস্যময় প্ৰশ্নৰ উদয় হৈছে। কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্যমন্ত্ৰীৰ সৈতে ছাঁটোৰ দৰে লাগি থাকে কিয়? কিছুদিন পূৰ্বে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই তুলিৰাম ৰংহাঙৰ পৰিয়ালে ১০০ কোটি টকা ঠিকা লাভ কৰাৰ তথ্য সদৰী কৰিছিল। 

তুলিৰাম ৰংহাঙৰ পৰিয়ালে ১০০ কোটি টকা ঠিকা লাভ কৰাৰ সৈতে এই ভূমিৰো কিবা সম্পৰ্ক আছে নেকি? ১০০ কোটি ঠিকাৰ প্ৰতিদান ৰূপে তুলিৰামে মুখ্যমন্ত্ৰীৰ পত্নীৰ হাতত কাৰ্বি পাহাৰৰ ষষ্ঠ অনুসূচীভুক্ত ১০০০ বিঘা মাটি তুলি দিছে নেকি? এইসমূহৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সাহস হব নে মুখ্যমন্ত্ৰী হিমম্ত বিশ্ব শৰ্মাৰ? নে পূৰ্বৰ দৰেই লাগ বান্ধ নোহোৱা কথাৰে পত্নী মাটি কেলেংকাৰীৰ বিষয়টো গাপ দিবলৈ চেষ্টা কৰিব?