NORTHEAST NOW (Assamese)
দেশ

বিজেপিৰ বিৰোধী চাফাই অভিযানৰ সৈনিক হৈ পৰিছে ইডি! আকৌ আপৰ বিধায়কৰ ঘৰত তালাচী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 10, 2023 8:20 pm

এইবাৰ আম আদমী পাৰ্টিৰ আন এজন বিধায়কৰ বাসগৃহত তালাচী বলবৎকাৰী সঞ্চালক চমুকৈ ইডিৰ। 

এইবাৰ বলবৎকাৰী সঞ্চালকালয়ে আপৰ বিধায়ক অমানতুল্লাহ খানৰ দিল্লীৰ বাসগৃহত তালাচী অভিযান চলায়। 

ইডিয়ে মঙলবাৰে পুৱা ধন সৰবৰাহৰ গোচৰত আমানতুল্লাহ খানৰ ঘৰত অভিযান চলায়।

৪৯ বছৰীয়া আমানতুল্লাহ খান দিল্লীৰ ওখলা সমষ্টিৰ বিধায়ক। তেওঁ দিল্লী ৱাকফ ব’ৰ্ডৰো অধ্যক্ষ। 

ইডি – এ অভিযোগ কৰা মতে, অধ্যক্ষ হোৱাৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি দিল্লী ৱাকফ ব’ৰ্ডত অবৈধ নিযুক্তি প্ৰদান কৰিছে আমানতুল্লাহ খানে। চৰকাৰী নীতি-নিৰ্দেশনাক আওকাণ কৰি তেওঁ সকলো নিয়ম উলংঘা কৰি দিল্লী ৱাকফ ব’ৰ্ডত অবৈধভাৱে ৩২জন লোকক নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন হৈছে। 

দিল্লী ৱাকফ ব’ৰ্ডত অবৈধ নিযুক্তিৰ সৈতে আমানতুল্লাহ খান জড়িত থকাৰ অভিযোগ উত্থাপন কৰি দিল্লী দুৰ্নীতি নিবাৰক ব্যুৰো আৰু চিবিআইত এফআইআৰ দাখিল কৰা হৈছে। সেই অভিযোগৰ ভিত্তিত ইডিৰ বিষয়াসকলে অমানতুল্লাহ খানৰ ঘৰত অভিযান চলায়।

প্ৰসংগক্ৰমে বুধবাৰে ইডিয়ে আপ নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰে। দিল্লী আবকাৰী কেলেংকাৰী  আৰু ধন সৰবৰাহৰ গোচৰত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হয় সঞ্জয় সিঙক। 

এই ঘটনাৰ এসপ্তাহ নৌহতেও আপৰ আন এজন নেতাৰ ঘৰত অভিযান চলালে ইডিয়ে। ইয়াৰ পূৰ্বেও আপৰ নেতা তথা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াকো আবকাৰী দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। ছিছ’দিয়া বৰ্তমানেও দিল্লীৰ কাৰাগাৰত আছে।