NORTHEAST NOW (Assamese)
Popular Stories

সমুখ সমৰত চিতা আৰু ফেঁটী : অৱশেষত যুঁজত জিকিল কোন? জানিবলৈ চাওক 

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 10, 2023 9:25 pm

সামাজিক মাধ্যমত সাধাৰণত জংঘলৰ বহুতো ভিডিঅ’ দেখিবলৈ পাওঁ। বিভিন্ন জীৱ-জন্তুৰ বিৰল মুহূৰ্ত আমি সামাজিক মাধ্যমৰ জৰিয়তে পাই থাকোঁ। এনে বিশেষ দৃষ্টি আকৰ্ষণ কৰা ভিডিঅ’ ইণ্টাৰনেটৰ বাবেই আমাৰ দৃষ্টিগোচৰ হয়। এনে বিৰল ফুটেজে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

নতুনকৈ ভাইৰেল হোৱা এই ক্লিপটোত এটা চিতা আৰু এটা বিশাল ৰজা ফেঁটী দেখা। দুয়োৰে মাজত লাগিছে প্ৰচণ্ড যুদ্ধ। 

মাত্ৰ কেইছেকেণ্ডৰ এটা ভিডিঅ’। কিন্তু তাৰ প্ৰতিটো চেকেণ্ডেই উত্তেজনাৰ ভৰা। কেইছেকেণ্ডমানৰ এই দৃশ্যই বহুতকে স্তম্ভিত কৰি তুলিছে। কাৰণ, এই ধৰণৰ ভিডিঅ’ সঘনাই দেখা নাযায়।

৬ অক্টোবৰত wildtrails.in নামৰ এটা পেজে ইনষ্টাগ্ৰামত এই ভিডিঅ’টো শ্বেয়াৰ কৰিছিল । এই ভিডিঅ’টো প্ৰথমে এটা টিকটক হেণ্ডেলৰ পৰা পোষ্ট কৰা হৈছিল। পিছলৈ ই আন ছ’চিয়েল মিডিয়া পেজলৈও বিয়পি পৰে। অৱশ্যে ভিডিঅ’টো আজিৰ নহয়, বহু আগৰ।

চুটি ফুটেজটোত নাহৰফুটুকীটো গছৰ ডালত ওলমি থকা দেখা গৈছে। তলত এজোপা ভঙা গছত সাপ বহি আছে। প্ৰথমতে চিতাটোৱে সাপটোৰ ফালে কেইমুহূৰ্তমান চাই থাকিল, আৰু তাৰ পিছত তাৰ ওপৰত আক্ৰমণ কৰিলে। কিন্তু ফেঁটী সাপটো পিছুৱাই নগ’ল। বৰঞ্চ যুঁজিবলৈ আগবাঢ়ি যায়। কিন্তু অৱশেষত এই যুঁজখনত কোনে জয়লাভ কৰিলে সেয়া জনা নাযায়।

 

View this post on Instagram

 

A post shared by WildTrails.in (@wildtrails.in)