NORTHEAST NOW (Assamese)
Popular Stories

এয়াৰ ইণ্ডিয়াত চিগাৰেট সেৱন কৰি ৰঙাঘৰৰ বাট মুকলি হ’ল যুৱকৰ

Posted by: নৰ্থ ইষ্ট নাও, ডেস্ক Updated by: নৰ্থ ইষ্ট নাও, ডেস্ক October 12, 2023 5:07 pm

এয়াৰ ইণ্ডিয়াৰ বিমানত অশান্তিপূৰ্ণ আচৰণ আৰু ধূমপানৰ অভিযোগত অভিযুক্ত এজন লোকক জেল হাজোতলৈ প্ৰেৰণ কৰিছে মুম্বাইৰ আদালতে।

আদালতে অভিযুক্ত ৰত্নাকৰ দ্বিবেদীক নগদ ধনৰ জামিন মঞ্জুৰ কৰিছে যদিও তেওঁ সেই ধন আদায় দিবলৈ অস্বীকাৰ কৰি সোমবাৰে আদালতত কয় যে তেওঁ জেললৈ যাবলৈ সাজু হৈছে।

যোৱা ১০ মাৰ্চত এয়াৰ ইণ্ডিয়াৰ লণ্ডন-মুম্বাই বিমানখনৰ লেভেটৰীত ধূমপান কৰি ধৰা পৰা আৰু অশান্ত আচৰণ কৰা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছত ভাৰতীয় দণ্ডবিধিৰ ৩৩৬ (অন্যৰ জীৱন বা ব্যক্তিগত সুৰক্ষা বিপন্ন কৰাৰ কাৰ্য্য)ৰ অধীনত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।

অভিযুক্তই আদালতত কয় যে তেওঁ অনলাইনত পঢ়িছিল যে আই পি চিৰ ৩৩৬ ধাৰাত প্ৰদান কৰিবলগীয়া জৰিমনা ২৫০ টকা। কিন্তু আদালতে এই জামিনৰ ধন ২৫০০০ টকা ধাৰ্য্য কৰা বুলি কয়।

ইয়াৰ পিছতে সোমবাৰে আন্ধেৰী মহানগৰ দণ্ডাধীশে তেওঁক জেললৈ প্ৰেৰণ কৰে।

এয়াৰ ইণ্ডিয়াই কয় যে বিমানখনৰ লেভেটৰীত এজন যাত্ৰীক ধূমপান কৰি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল আৰু তেওঁক বাৰে বাৰে সতৰ্কবাণী দিয়াৰ পিছতো অশান্তিপূৰ্ণ আৰু আক্ৰমণাত্মক আচৰণ কৰিছিল।