NORTHEAST NOW (Assamese)
দেশ

চূড়ান্ত পুৰুষতান্ত্ৰিক ৰাজনীতি! নাৰী সুৰক্ষাৰ কথা কোৱা বিজেপিৰ পৰা পদত্যাগ একমাত্ৰ মহিলা মন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 13, 2023 5:05 pm

জাতি আৰু লিংগ বৈষম্যৰ অভিযোগত পদত্যাগ কৰিলে পুডুচেৰীৰ একমাত্ৰ মহিলা মন্ত্ৰী এছ চন্দিৰা প্ৰিয়াংগাই।

দীৰ্ঘদিন ধৰি বৈষম্যৰ সন্মুখীন হোৱাৰ পিছত বুধবাৰে পুডুচেৰীত সৰ্বভাৰতীয় এন আৰ কংগ্ৰেছ-বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ মুখ্যমন্ত্ৰী এন ৰঙাস্বামীক পদত্যাগ পত্ৰ দাখিল কৰিলে চন্দিৰাই। 

পুডুচেৰীৰ পৰিবহণ, অনুসূচিত জাতি কল্যাণ আৰু কলা-সংস্কৃতি মন্ত্ৰী আছিল প্ৰিয়ংগা। 

উল্লেখ্য যে কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে পুডুচেড়িৰ ৪০ বছৰীয়া ইতিহাসৰ প্ৰথম তথা একমাত্ৰ মহিলা মন্ত্ৰী আছিল চন্দিৰা প্ৰিয়ংগা। 

২০২১ চনত পুডুচেড়িৰ নেডুংগাডু সমষ্টিৰ পৰা বিধায়িকা হিচাপে নিৰ্বাচিত হৈ বিজেপি মিত্ৰজোঁট চৰকাৰৰ মন্ত্ৰী হ্নিচাপে দায়িত্ব গ্ৰহণ কৰিছিল প্ৰিয়ংগাই। 

এ আই এন আৰ কংগ্ৰেছৰ প্ৰতিনিধিত্ব  কৰি নিৰ্বাচনত জয়ী হৈছিল চন্দিৰা প্ৰিয়ংগা। প্ৰিয়ংকা চন্দিৰা আছিল এগৰাকী দলিত নেত্ৰী। তেওঁক প্ৰথমে পৰিবহন মন্ত্ৰী হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছিল। 

কিন্তু বুধবাৰে তেওঁ ব্যক্তিগত সহায়কৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। লগতে পদত্যাগ পত্ৰখনৰ প্ৰতিলিপি টুইটাৰত (বৰ্তমান এক্স) শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোডী, গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিভিন্ন সংবাদ মাধ্যম আৰু বিজেপিৰ শীৰ্ষ নেতৃত্বক উল্লেখ কৰে। 

পদত্যাগ পত্ৰত প্ৰিয়ংগাই কয়, ‘মোক বহুদিন ধৰি টাৰ্গেট কৰা হৈছিল। এতিয়া এই সীমা অতিক্ৰম কৰিছে আৰু সহ্য কৰিব নোৱাৰোঁ।” 

আনহাতে সাংবাদিকক সম্বোধন  কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ সমাজত নাৰীক কেৱল পণ্য হিচাপেহে গণ্য কৰা হয়। আপুনি হয়তো শিক্ষিত হ’ব পাৰে নাইবা আনকি বিশেষ সুবিধাপ্ৰাপ্ত পৰিয়ালৰ পৰাও আহিব পাৰ,  তথাপিও এই পুৰুষ প্ৰধান ৰাজনৈতিক জগতখনে আপোনাৰ বিৰুদ্ধে এনেদৰে ষড়যন্ত্ৰ কৰিব যে আপুনি সম্পূৰ্ণ ভাঙি পৰিব। ভাল কাম কৰিলেও বা ভাল কাম কৰিবলৈ সক্ষম হ’লেও ইয়াত নাৰী হিচাপে কেতিয়াও সন্মান নাপাব।”

পদত্যাগ কৰাৰ পিছত প্ৰাক্তন কেন্দ্ৰীয় শাসিত অঞ্চল মন্ত্ৰীগৰাকীয়ে কয়- পদত্যাগ কৰাৰ পিছত এতিয়া মই বহুত বেছি স্বাধীন হৈ পৰিছো। এতিয়া মোৰ ওপৰত আস্থা ৰখা মানুহখিনিৰ বাবে কাম কৰিবলৈ মোৰ কোনো সংকোচ নাই।”