NORTHEAST NOW (Assamese)
Popular Stories

পাকিস্তান মেচৰ পূৰ্বে কোহলীলৈ বাৰ্তা উছেইন ব’ল্টৰ; কি ক’লে বিশ্বৰ দ্ৰুততম কিংবদন্তিজনে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 14, 2023 10:10 am

ভাৰত-পাকিস্তানৰ খেলৰ পূৰ্বে উছেইন ব’ল্টৰ পৰা শুভেচ্ছা লাভ কৰিলে বিৰাট কোহলীয়ে। বিশ্বৰ দ্ৰুততম গতিৰ খেলুৱৈগৰাকীয়ে এসময়ত এথলেটিকছৰ সমান্তৰালভাৱে ক্ৰিকেটো খেলিছিল। তেওঁ এতিয়াও সময় পালে ক্ৰিকেট চায়। যদিও এইবাৰ ৱেষ্ট ইণ্ডিজ বিশ্বকাপত নাই, তথাপিও সময় পালে টেলিভিছনৰ পৰ্দাত চকু ৰাখিছে। কোহলীৰ বেটিঙৰ অনুৰাগীও ব’ল্ট।

আফগানিস্তানৰ বিৰুদ্ধে কোহলীৰ বেটিং চাইছিল ব’ল্টে। ভাৰতৰ প্রাক্তন অধিনায়কগৰাকীৰ প্রদর্শনত আপ্লুত হৈ ব’ল্টে ছ’চিয়েল মিডিয়াত তেওঁক অভিনন্দন জনায়৷

পাকিস্তানৰ মেচখনৰ পূৰ্বে জামাইকাৰ প্ৰাক্তন খেলুৱৈগৰাকীয়ে লিখিছে- কোহলী তোমাৰ ডাইভ দেখিছো। খেলপথাৰত তুমি হয়তো আটাইতকৈ বেগী, কিন্তু বতাহত মই আটাইতকৈ বেগী। তোমাৰ পৰৱৰ্তী খেলো চাম। ফালি দিয়া।”

ব’ল্ট আৰু কোহলীৰ ক্ৰীড়া সঁজুলি একেটা নিৰ্মাতাই যোগান ধৰে। ক্ৰিকেট অনুৰাগী ব’ল্টে সেই সংস্থাৰ উদ্যোগতে কোহলীক অভিনন্দন জনায়। কোহলীয়ে ব’ল্টক উত্তৰ দিয়ে। তেওঁক ‘পাজী’ (ককাই) বুলি সম্বোধন কৰি কোহলীয়ে লিখিছে, ‘কাইলৈৰ ডাঙৰ মেচখনৰ বাবে সাজু হৈছো। অতিৰিক্ত কেইবাটাও ১০০ মিটাৰ স্প্ৰিণ্ট টানিছো।”

বিশ্বকাপত দুৰন্ত ফৰ্মত আছে কোহলী। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন মেচত তেওঁ প্ৰচণ্ড চাপ চম্ভালি ৮৫ ৰান সংগ্ৰহ কৰে। দ্বিতীয়খন খেলত তেওঁ আফগানিস্তানৰ বিৰুদ্ধে অপৰাজিত ৫৫ ৰান সংগ্ৰহ কৰে। শনিবাৰে পাকিস্তানৰ বিৰুদ্ধে ৰোহিত শৰ্মাৰ দলৰ ডাঙৰ ভৰসা কোহলী।