NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাত পিয়ন, চৌকিদাৰো থাকিব পাৰে : কংগ্ৰেছক আক্ৰমণ জয়ন্ত মল্ল বৰুৱাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 14, 2023 6:26 pm

কংগ্ৰেছে অসমৰ লোকসভা নিৰ্বাচনৰ প্ৰত্যাশী প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ পিছত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে এই তালিকাত কংগ্ৰেছ দলৰ পিয়ন আৰু চৌকিদাৰো থাকিব পাৰে।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জয়ন্ত মল্ল বৰুৱাই কয়, ‘ৰাজ্যৰ ১২খন আসনত বিজেপিয়ে জয়ী হ’ব বুলি আমি আত্মবিশ্বাসী।”

তেওঁ লগতে কয় যে অসমৰ ১৪খন লোকসভাৰ আটাইকেইখনতে আমি যুঁজিবলৈ সাজু। বিজেপিৰ বাবে ১২খন আসন নিশ্চিত হৈছে আৰু বাকী দুখন আসনত কঠোৰ প্ৰতিযোগিতা হ’ব।

এসময়ৰ কংগ্ৰেছৰ নেতা আৰু আজিৰ বিজেপিৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই  কয় যে কংগ্ৰেছৰ এতিয়া কোনো তাৎপৰ্য নাই। 

কংগ্ৰেছৰ প্ৰত্যাশী প্ৰাৰ্থীৰ তালিকাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৰুৱাই কয় যে তালিকাত থকা সেইসকল লোক কোন সেয়া কোনেও নাজানে। 

লগতে তেওঁ দাবী কৰে যে জাতীয়তাবাদী লোকে বিজেপিক ভোট দিব আৰু আগন্তুক নিৰ্বাচনত বিজেপিয়ে ধুবুৰী লোকসভাৰ আসনতো জয়ী হ’ব।

তেওঁ আৰু কয় যে যদি তেওঁলোক ধুবুৰীত পৰাস্ত হয় তেন্তে ভাৰতীয় নাগৰিকতকৈ জিলাখনত অবৈধ অনুপ্ৰৱেশকাৰী বেছি থকা কথাটো অধিক স্পষ্ট হ’ব।