NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰাৰ কৃষকে নষ্ট কৰি পেলালে বিষাক্ত পাম তেলৰ খেতি, প্ৰতিক্ৰিয়া জীপাল কৃষক শ্ৰমিক সংঘৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 15, 2023 9:27 pm

পাম তেল খেতি সম্পৰ্কে পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জীপাল কৃষক শ্ৰমিক সংঘই। এই খেতিৰ ভয়াবহতাৰ সন্দৰ্ভত জীপাল কৃষক শ্ৰমিক সংঘই উত্থাপন কৰা সকলো অভিযোগ সত্য প্ৰমাণিত হ’ল বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংঘই।

জীপাল কৃষক শ্ৰমিক সংঘই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ”অসমক মৰুভূমিৰ পৰা ৰক্ষা কৰিবলৈ আমি সকলোৱে ঘৰৰে কাষৰ কৃষ্ণাইৰ খেতিয়কৰ পৰা শিক্ষা লোৱা উচিত । ৰামদেৱ,আদানি,গডৰেজ কোম্পানীৰ চক্ৰান্তত পৰি ,চৰকাৰৰ সস্তীয়া প্ৰলোভনত ভোল গৈ আমি যদি নিজৰ উৰ্বৰ পথাৰখন পাম অইল‌ খেতিৰ বাবে এৰি দিওঁ, তেতিয়া আৰু অসম বাচি নাথাকে ই খাটাং । আমি দাঙি ধৰা সমস্যা সমূ্হৰ ভিতৰত প্ৰায়বোৰ কথাই স্পষ্ট হৈ পৰিছে , টিউবেল মাৰি পানী খাবলৈ ভূ গৰ্ভত পানী নাই, পথাৰ খৰাং মাৰিছে, কাষৰ বাৰীৰ গছ-গছনিত ফল ফুল নধৰা হোৱা, বহু কষ্টেৰে সকলো বিসৰ্জন দি কৰা খেতিৰ ফলতো অৱশেষত এক কুইন্টল পাম অইল‌ গুটিৰ দাম কেৱল ৬০০ টকা পোৱা কথাই সেই খেতিৰ দ্বাৰা জাতিটোজে উচন হ’ব তাকেই প্ৰমাণ কৰিছে” 

উল্লেখ্য যে পাম তেলৰ খেতিৰ ভয়াৱহতাৰ কথা উল্লেখ কৰি আজি গোৱালপাৰাৰ কৃষ্ণাইৰ থলুৱা খেতিয়কে কেইবা বিঘাও পাম তেলৰ খেতি ধ্বংস কৰি পেলোৱাৰ পিছতেই এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংঘটোৱে। 

গোৱালপাৰাৰ ঘটনাৰ উদ্ধৃতিৰে জীপাল কৃষক শ্ৰমিক সংঘৰ উপদেষ্টা সোনেশ্বৰ নৰহ, মুখপাত্ৰ প্ৰবীণ পেগু,মণিকংকণা বৰবৰাই স্পষ্টৰূপত মত প্ৰকাশ কৰে যে, এতিয়া বোকাখাতৰ বিধায়ক তথা অসমৰ কৃষি মন্ত্ৰী অতুল বৰাই এজোপাও যদি পাম অইল খেতি ৰূপন কৰাৰ চেষ্টা কৰে , সেই জোপা গছেই তেওঁৰ ৰাজনৈতিক জীৱন শেষকণ কণ কঠিয়াও নিশেষ কৰি ল’ব। ইয়াৰ প্ৰতিৰোধ সংগ্ৰামত অসমৰ ৰাইজৰ লগত জীপাল কৃষক শ্ৰমিক সংঘই সদায় সমূখত থাকিব বুলিও উল্লেখ কৰে।