NORTHEAST NOW (Assamese)
অসম

ইজৰাইল-হামাছৰ যুদ্ধত নিহত কমেও দুগৰাকী ভাৰতীয় মূলৰ মহিলা; কোন তেওঁলোক?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 17, 2023 9:05 am

ইজৰাইল যুদ্ধত ভাৰতীয় মূলৰ কমেও দুগৰাকী মহিলাৰ মৃত্যু হৈছে। জানিব পৰা মতে দুয়োগৰাকীয়েই যুৱতী। পেলেষ্টাইনী সশস্ত্ৰ সংগঠন হামাছে ইজৰাইলৰ ওপৰত প্ৰথম আকস্মিক আক্ৰমণ চলোৱাৰ দিনা ৭ অক্টোবৰত দুয়োৰে মৃত্যু হয়। স্থানীয় সূত্ৰই  এই তথ্য নিশ্চিত কৰে।

নিহত ভাৰতীয় মূলৰ দুগৰাকী যুৱতীৰ ভিতৰত এগৰাকীৰ বয়স ২২ বছৰ।তেওঁ  ইজৰাইলৰ সেনাবাহিনীৰ লেফটেনেণ্ট পৰ্যায়ৰ বিষয়া আৰু হোম ফ্ৰণ্টৰ কমাণ্ডাৰ আছিল। ইজৰাইলৰ আছদোদত তেওঁৰ ঘৰ। কিন্তু তেওঁৰ পৰিয়াল ভাৰতীয়।

দ্বিতীয়গৰাকী যুৱতীৰ নাম কিম ডোকৰাকাৰ। জন্মসূত্ৰে মাৰাঠী যুৱতীগৰাকী ইজৰাইলৰ সীমান্ত আৰক্ষী বাহিনীৰ ৰেংকিং অফিচাৰ আছিল।

লগতে পঢ়কঃ উশাহ ঘুৰাই পালে কেংগেৰুৱে! শ্ৰীলংকাক পৰাস্ত কৰি বিশ্বকাপত জয়ৰ মুখ দেখিলে অষ্ট্ৰেলিয়াই

ইজৰাইলৰ সামৰিক সূত্ৰৰ মতে, যুদ্ধত শত্ৰু পক্ষৰ সৈতে যুঁজ দিয়াৰ সময়তে দুয়োজনে প্ৰাণ হেৰুৱাইছিল।

সেনাই প্ৰদান কৰা তথ্য অনুসৰি ইজৰাইল আৰু হামাছৰ যুদ্ধত যোৱা ৯ দিনত ২৮৬ জন ইজৰাইল সৈন্যই প্ৰাণ হেৰুৱাইছে। ৫১ জন ডন আৰক্ষী বিষয়াও নিহত হয়। ইয়াৰ উপৰিও বহু লোকক হামাছ বাহিনীয়ে অপহৰণ কৰি নিছিল। তেওঁলোকৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে ইজৰাইল প্ৰশাসন।

বাতৰি অনুসৰি, এই দুগৰাকী ভাৰতীয় যুৱতী বিষয়াৰ বাহিৰেও গাজাৰ যুদ্ধত ভাৰতীয় মূলৰ আৰু এগৰাকী মহিলাৰ মৃত্যু হয়। অৱশ্যে মহিলাগৰাকীৰ নাম বা পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

লগতে পঢ়কঃ পৃথক বৰাকলেণ্ড দাবী কৰা বন্ধ কৰক  – বাংলাভাষী সকলক সকীয়নি আলফা(স্বাধীন)ৰ 

উল্লেখ্য যে ইজৰাইল আৰু হামাছৰ যুদ্ধত দুয়োপক্ষই বৃহৎ লোকচানৰ সন্মুখীন হৈছে। এফালে হামাছে ইজৰাইলৰ গাঁৱত প্ৰৱেশ কৰি সাধাৰণ মানুহক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। আনহাতে, ইজৰাইলে গাজা ষ্ট্ৰিপত অহৰহ বোমাৰে আক্ৰমণ কৰি আছে। যাৰ ফলত গাজাৰ উত্তৰ অংশ বিধ্বস্ত হৈ পৰিছে। প্ৰতিদিনে বাঢ়ি গৈ আছে মৃত্যুৰ সংখ্যা। কেৱল গাজাত বিগত ৯ দিনত কমেও ২৬০০ লোকৰ মৃত্যু হৈছে।