NORTHEAST NOW (Assamese)
Popular Stories

আকৌ ‘মিষ্টাৰ ইণ্ডিয়া’: পিতৃৰ গৰ্বিত জী সুনমে শ্বেয়াৰ কৰিলে সুখানুভূতি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 22, 2023 9:04 am
Mr India Anil Kapoor

১৯৮৭ চনত বলীউডত মুক্তি লাভ কৰিছিল মিষ্টাৰ ইণ্ডিয়াই। মুখ্য চৰিত্ৰত অনিল কাপুৰ অভিনীত এই ছবখনে লাভ কৰিছিল ব্যাপক জনপ্ৰিয়তা। অৱশ্যে অনিল কাপুৰৰ চৰিত্ৰটোৰ বাদেও ছবিখনৰ খলনায়কৰ চৰিত্ৰটোও দৰ্শকৰ পচন্দৰ হৈ পৰিছিল।

ভাৰতীয় চলচ্চিত্ৰ জগতৰে কিংবদন্তি চৰিত্ৰ হৈ পৰিছিল মিষ্টাৰ ইণ্ডিয়াৰ সমানে মু্গেম্বো নামৰ খলনায়কৰ চৰিত্ৰতি। এই চৰিত্ৰটোৰে দৰ্শকৰ মনৰ একোণত যেন চিৰ থিতাপি লৈছিল ভাৰতীয় চলচ্চিত্ৰৰ কিংবদন্তি ‘খলনায়ক’ অম্ৰীশ পুৰীয়ে।

অশিল কাপুৰৰ বিপৰীতে এই ছবিখনত নায়িকা হিচাপে আছিল মোহময়ী শ্ৰীদেৱী। ‘মিষ্টাৰ ইণ্ডিয়া’ত অনিল কাপুৰৰ হাতত থাকে এনে এটা ঘড়ী, যিটোৰ সহায়ত তেওঁ লাভ কৰে অদৃশ্য শক্তি।

মুঠৰ ওপৰত মিষ্টাৰ ইণ্ডিয়া হৈ পৰিছিল দৰ্শকৰ বাবে সৰ্ব উপভোগ্য ছবি, হৈছিল ছুপাৰহিট। সেয়েহে এতিয়াও চিনেমাখনৰ প্ৰতি দেখা যায় দৰ্শকৰ আগ্ৰহ।

দৰ্শকৰ মনত এই চিৰসেউজ ছবি তথা চৰিত্ৰটোৱে পুনৰ মাৰিছে ভুমুকি। অৱশ্যে এইবাৰ চিনেমা ৰূপত নহয়, এক বিজ্ঞাপনৰ জৰিয়তেহে আহিছে মিষ্টাৰ ইণ্ডিয়াই। মিষ্টাৰ ইণ্ডিয়া ৰূপত পুনৰ আৱিৰ্ভাৱ হৈছে অনিল কাপুৰৰ।

এই বিজ্ঞাপনটি নিৰ্মাণ কৰিছে গুগল (Google)- এ। বিজ্ঞাপনটোত দেখা গৈছে, এগৰাকী যুৱকৰ গাত লাগি অতৰ্কিতে এটা ফুলদানি তললৈ বাগৰি পৰিছে, কিন্তু হঠাতে শূন্যত উপঙি ৰৈ গৈছে।

তাৰ পিছতে লাহে লাহে দৃশ্যমান হৈছে মিষ্টাৰ ইণ্ডিয়াৰ সেই পৰিচিত সাজ-সজ্জাৰে অনিল কাপুৰ আৰু তেৱেঁই তললৈ পৰি নোযোৱাকৈ ধৰি ৰাখিছে ফুলদানিটো। তাৰ পিছতে মিষ্টাৰ ইণ্ডিয়া ৰূপী অনিল কাপুৰ আৰু যুৱকজনে উদ্ধাৰ কৰিছে এটা মোবাইল।

অনিল কাপুৰৰ কন্যা তথা অভিনেত্ৰী সুনম কাপুৰে চ’ছিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে এই ভিডিঅ’টো। বিজ্ঞাপনটো শ্বেয়াৰ কৰি সুখানুভূতি প্ৰকাশ কৰাৰ লগতে গৰ্বিত সুনমে গুগল ইণ্ডিয়াক কৰিছে প্ৰশংসা।

 

 

View this post on Instagram

 

A post shared by Sonam A Kapoor (@sonamkapoor)