NORTHEAST NOW (Assamese)
Popular Stories

এখন অভিনৱ গাঁও : ৩৫ বছৰে দাখিল হোৱা নাই এখনো এজাহাৰ! ক’ত আছে এই গাঁও ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 27, 2023 9:30 pm

উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰ জিলাৰ এখন গাঁৱৰ এক নতুন অভিলেখ। সেই গাঁৱৰ কোনো বাসিন্দাই যোৱা ৩৫ বছৰত থানাত এখনো এফআইআৰ দাখিল কৰা নাই। সেই গাঁৱৰ বাসিন্দাসকলে নিজৰ মাজতে সদায় মিলি থাকে। কিবা সমস্যা হ’লে পঞ্চায়তৰ হস্তক্ষেপত নিজৰ মাজতে নিষ্পত্তি কৰে। ইয়াৰ বাবে সেই গাঁৱৰ বাসিন্দাসকলে আৰক্ষীৰ কাষ চাপিব নালাগে।

উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰৰ নিয়ামতপুৰ গাঁও পঞ্চায়তত বিজলিখেৰা, বল্লবখেৰা, নগৰীয়া বাহব আদি গাঁও আছে। এই গাঁওবাসীৰ মাজত কোনো সমস্যাৰ সৃষ্টি হ’লে পঞ্চায়তসমূহে পৰিষদ গঠন কৰে। পঞ্চায়তৰ লগতে দুয়োটা দলৰ প্ৰতিনিধি আছে। তাতে গাঁওবাসীয়ে বিভিন্ন বিবাদ বা সমস্যা সমাধান কৰে। এই গাঁওবাসীৰ জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ গ্ৰাম পঞ্চায়ত।

এই গাঁৱৰ পঞ্চায়তৰ প্ৰধানগৰাকী বিগত ৩৫ বছৰে একেটা পৰিয়ালৰ পৰা নিৰ্বাচিত হৈ আহিছে। সেই পৰিয়ালটোৰ সদস্যসকলে ১৯৮৮ চনৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰি আহিছে। 

সেই গাঁও পঞ্চায়তত মুঠ ২ হাজাৰ লোক বাস কৰে। ইয়াৰ ভিতৰত যোৱাবাৰ ভোটদান কৰিছিল ১১০০ লোকে। সেই গাঁও পঞ্চায়তৰ বৰ্তমানৰ মুৰব্বী অভয় প্ৰতাপ সিঙে কয় যে বিগত ৩৫ বছৰত তেওঁলোকৰ গাঁৱৰ কোনেও থানাত এজাহাৰ দাখিল কৰা নাই। 

কেৱল সেয়াই নহয়, গাঁওবাসীয়ে একেলগে বিভিন্ন উৎসৱ উদযাপন কৰে বুলিও তেওঁ কয়। তেওঁ পঞ্চায়ত মুৰব্বী হিচাপে গাঁওখনৰ ঐক্য আৰু সংহতি বজাই ৰাখিবলৈ গাঁওবাসীক আহ্বান জনায়।