NORTHEAST NOW (Assamese)
অসম

গাজাত ইজৰাইলৰ আক্ৰমণক সমৰ্থন কৰা বাবে ভাৰতীয় নাৰ্ছক বহিষ্কাৰ কৰিলে কুৱেইটে

Posted by: এন ই নিউজ, গুৱাহাটী Updated by: এন ই নিউজ, গুৱাহাটী October 30, 2023 12:26 pm

পেলেষ্টাইনৰ গাজাত ইজৰাইলৰ বিধ্বংসী আক্ৰমণক সমৰ্থন কৰাৰ বাবে কুৱেইটে এগৰাকী ভাৰতীয় নাৰ্ছক বহিষ্কাৰ কৰিছে। তেওঁক নিজৰ দেশ ভাৰতলৈ ঘূৰাই পঠিওৱা হৈছে। ইয়াৰ লগে লগে কুৱেইটে একে কাৰণতে এতিয়ালৈ দুজন ভাৰতীয়ক দেশখনৰ পৰা বহিষ্কাৰ কৰিলে।

বাতৰি অনুসৰি, নাৰ্ছগৰাকীয়ে কুৱেইটৰ আল-ছাবাহ হাস্পতালত কৰ্মৰত আছিল। ইয়াৰ পূৰ্বে তেওঁ হোৱাটছএপ ষ্টেটাছত ইজৰাইলৰ সৈতে সংহতি প্ৰকাশ কৰি ইজৰাইলৰ পতাকা প্ৰদৰ্শন কৰিছিল আৰু পেলেষ্টাইনীসকলক ‘সন্ত্রাসবাদী’ বুলি উল্লেখ কৰিছিল।

লগতে পঢ়কঃ শাসক-বিৰোধীৰ সংঘাতত উত্তপ্ত বাংলাদেশ; গ্ৰেপ্তাৰ বিৰোধী দলৰ শীৰ্ষ নেতা, ৯০০ কৰ্মী

এই ঘটনাত অধিবক্তা বন্দাৰ আল মুটাইৰীয়ে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। অভিযোগৰ পিছত তেওঁক বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লোৱা হয়।

নাৰ্ছগৰাকীক সোধা-পোছা কৰোতে তেওঁ ইজৰাইলৰ প্ৰতি থকা তেওঁৰ সমৰ্থনৰ কথা মুকলিকৈ স্বীকাৰ কৰে।