NORTHEAST NOW (Assamese)
অসম

কোচ-ৰাজবংশীসকল প্ৰকৃততে কোচ নহয় : দাবী কোচ ছাত্ৰ সন্থাৰ সভাপতি পৰাগ কোচৰ

Posted by: কল্পজ্যোতি শইকীয়া May 10, 2018 2:59 pm
Screenshot_2018-05-10-13-00-13-34

‘’মই কোচ ভাষা নজনাটো স্বাভাবিক কথা, কিন্তু মই কোচ জাতিটোক প্ৰতিনিনিধিত্ব কৰিছো,‘’- আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদ মেল অনুষ্ঠিত কৰি এই কথা ব্যক্ত কৰে সদৌ অসম কোচ ছাত্ৰ সন্থাৰ সভাপতি পৰাগ কোচে।

বৃহস্পতিবাৰে সদৌ অসম কোচ ছাত্ৰ সন্থাই এখন সংবাদ মেল অনুষ্ঠিত কৰি কোচসকলে নিজকে কোচ-ৰাজবংশীসকলৰ পৰা পৃথক কৰি ৰখাৰ দাবী তোলে। লগতে কোচসকলৰ নিজস্ব দোৱান, কলা-সংস্কৃতি, সাজ-পোচাক, ৰীতি নীতি থকাৰ পিছতো ৰাজবংশীসকলক সংযোগ কৰি দীৰ্ঘদিন কোচৰ ইতিহাসক চৰম প্ৰতাৰণা কৰি অহাৰ অভিযোগ তোলে সদৌ অসম কোচ ছাত্ৰ সন্থাৰ সভাপতি পৰাগ কোচে।

তাৎপৰ্য্যপূৰ্ণ কথা যে নিজকে এজন কোচ সম্প্ৰদায়ৰ লোক হিচাপে চিনাকি দিয়া পৰাগ কোচে কোচ ভাষাটো একেবাৰে নজনা বুলি ৰাজহুৱাভাৱে সদৰী কৰে।

সংবাদ মেল চলি থকা সময়ত আমন্ত্ৰণক্ৰমে সভাত উপস্থিত থকা এজন ছাত্ৰই সভাপতিগৰাকীক কোচ আৰু কোচ ৰাজবংশী কিহৰ বাবে পৃথক বুলি প্ৰশ্ন কৰাত তেওঁ বিচলিত হৈ পৰে। সেয়েহে খঙত অগ্নিশৰ্মা হৈ তেওঁ নিজ মুখেৰে কোচ ভাষা নাজানো বুলি স্বীকাৰ কৰাৰ লগতে কোচ-ৰাজবংশীসকলৰ পৰা কোচসকল সম্পূৰ্ণ পৃথক বুলি দৃঢ়তাৰে দাবী কৰে।

উক্ত সংবাদ মেলত আমন্ত্ৰণক্ৰমে উপস্থিত থকা কোচ ৰাজবংশীসকলৰ বিষয়ে গবেষণা কৰি থকা ছাত্ৰ মদন ৰায়ে সংবাদ মেলৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত পৰাগ কোচৰ বিৰুদ্ধে অভিযোগ আনি কয় যে তেওঁ ফেচবুকত কোচ ৰাজবংশীসকলক লৈ বহুদিন ধৰি অশ্লীল মন্তব্য কৰি আহিছে। যেতিয়া আমি যুক্তি দৰ্শাও তেতিয়া তেওঁলোকে আমাক গালি-গালাজ কৰে।

আনহাতে, আক্ৰাছুৰ পৰা বিত্তীয় কেলেংকাৰীত জৰিত থকা কাৰণে পৰাগ কোচক বহিস্কাৰ কৰা হৈছিল বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৰয়ে। ইয়াৰ বিপৰীতে নৰ্থ ইষ্ট নাওৱে পৰাগ কোচক এই সম্পৰ্কে সোধাত তেওঁৰ ওপৰত এয়া মিছা অভিযোগ অনা হৈছে বুলি উল্লেখ কৰি কয়, ‘’পৰাগ কোচ এনেকুৱা এজন ব্যক্তি যাৰ বিৰুদ্ধে এক টকা কেলেংকাৰী কৰা বুলি অভিযোগ আনিব নোৱাৰে। যদি মোৰ বিৰুদ্ধে কেলেংকাৰী প্ৰমাণ কৰি দিব পাৰে তেন্তে মই ৰাজহুৱা জীৱন ত্যাগ কৰিম।‘’

তাৎপৰ্য্যপূৰ্ণ কথা যে কোচ ছাত্ৰ সন্থাৰ সভাপতিগৰাকীক তেওঁক কিয় বহিস্কাৰ কৰা হ’ল বুলি প্ৰশ্ন কৰাত তেওঁ কয়, ‘’মই কোচ ভাষাটো প্ৰতিষ্ঠা কৰাৰ বাবে চেষ্টা কৰিছিলো। লগতে চকাথাৰাই(কোচসকলৰ গামোচা) প্ৰতিষ্ঠা কৰা হ’ব লাগিব বুলি দাবী জনাইছিলো। কিন্তু ৰাজবংশীসকলে কোচৰ নামত হালধীয়া গামোচা প্ৰতিষ্ঠা কৰিব গৈছে, কোচ ভাষাৰ পৰিৱৰ্তে বঙলুৱা ভাষা প্ৰতিষ্ঠা কৰাৰ ষড়যন্ত্ৰ চলাইছে। গতিকে তেওঁলোকে মোৰ ওপৰত খৰ্বহস্ত হৈ পৰিছিল।‘’

আনহাতে, কোচ ৰাজবংশীৰ জাতিৰ ওপৰত গবেষণা চলাই থকা বুলি দাবী কৰা ছাত্ৰ মদন ৰায়ে কয়, ‘’আমি কোচ মানুহ। কিন্তু তাৰে ভিতৰত কিছুসংখ্যকে ৰজাৰ বংশধৰ বুলি পৰিচয় দিয়ে। যিসকলে তিব্বতীয় বাৰ্মিজ ভাষা ব্যৱহাৰ কৰি আছে, তেওঁলোকে নিজকে ৰাজবংশীয় বুলি পৰিচয় দি ভাল নাপায়। পৰাগ কোচে পৃথককৈ সংগঠন খুলি আক্ৰাছুৰ ইতিহাস নজনাকৈয়ে বদনাম কৰি আছে। ৰাজবংশীসকল কোচ নহয় বুলি কোৱাত তেওঁৰ কোনো যুক্তি নাই।‘’

তদুপৰি আজি কোচ ছাত্ৰ সন্থাই সংবাদমেল আয়োজন কৰি প্ৰাথমিক বিদ্যালয়ত অতি কমেও এশজন কোচ ভাষাৰ শিক্ষক নিযুক্তি দিবলৈ চৰকাৰক অনুৰোধ জনোৱাৰ লগতে অসমৰ যিসকলৰ গাত কোচৰ তেজ আছে তেওঁলোকে নিজৰ উপাধিসমূহ শইকীয়া, হাজৰিকা, বৰাৰ পৰিবৰ্তে  কোচ লিখিবলৈ অনুৰোধ জনায়। তেওঁ লগতে কোচ ৰাজবংশী সন্মিলনীৰ কাৰ্য্যালয় নিৰ্মাণত সংঘটিত হোৱা কেলেংকাৰীৰ মুখ্য মন্ত্ৰী তদাৰকী কোষৰ দ্বাৰা তদন্ত কৰিবৰ বাবে আজিৰ সংবাদ মেলৰ জৰিয়তে চৰকাৰক আহ্বান জনায়।