NORTHEAST NOW (Assamese)
Uncategorized

হঠাৎ ভাগি পৰিল নৌ সেনাৰ হেলিকপ্টাৰ, এজনৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 4, 2023 5:33 pm

দুৰ্ঘটনাগ্ৰস্ত নৌসেনাৰ হেলিকপ্টাৰ। শনিবাৰে কেৰালাৰ কোচিৰ নৌসেনাৰ এয়াৰ ষ্টেচনৰ ৰাণৱেত দুৰ্ঘটনাগ্ৰস্ত হয় এখন চেতক হেলিকপ্টাৰ। 

জানিব পৰা মতে, ৰুটিন ট্ৰেইনিং ড্ৰিলৰ সময়ত সংঘটিত হৈছে এই দুৰ্ঘটনা। সেই সময়ত হেলিকপ্টাৰখনত দুজন লোক আছিল। দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হয়।

ভাৰতীয় নৌসেনাৰ সূত্ৰ অনুসৰি নৌসেনাৰ চেতক হেলিকপ্টাৰখন শনিবাৰে কেৰালাৰ কোচিৰ আই এন এছ গৰুড়ত মেৰামতিৰ কাম চলি আছিল। 

ট্ৰেইনিং ড্ৰিলৰ সময়ত হঠাৎ দুৰ্ঘটনাগ্ৰস্ত হয় হেলিকপ্টাৰখন। দুৰ্ঘটনাত মৃত্যু হয় এজন গ্ৰাউণ্ড ক্ৰুৰ। 

দুৰ্ঘটনাটোৰ কাৰণ জানিবলৈ এখন তদন্ত ব’ৰ্ড গঠন কৰা হৈছে।