NORTHEAST NOW (Assamese)
অসম

কেদাৰনাথ ধামত দুই ভাতৃ ৰাহুল গান্ধী আৰু বৰুণ গান্ধীৰ মাজত হোৱা সাক্ষাৎ ‘কাকতলীয়া নাছিল’?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 10, 2023 2:47 pm

শেহতীয়াকৈ কেদাৰনাথ ধামত সম্পৰ্কত দুই ভাতৃ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু বিজেপি নেতা বৰুণ গান্ধী মাজত হোৱা সাক্ষাৎ “কাকতলীয়া নাছিল” বুলি জানিব পৰা গৈছে।

বাতৰি অনুসৰি, কেদাৰনাথ ধামৰ এক নিৰ্ভাৰ পৰিবেশত ৰাহুল গান্ধী আৰু বৰুণ গান্ধীৰ সাক্ষাতৰ আঁৰত আছিল প্ৰিয়ংকা গান্ধী।

উল্লেখযোগ্য যে প্ৰিয়ংকা গান্ধীয়ে সদায় সমগ্ৰ গান্ধী পৰিয়ালক একত্ৰিত কৰাৰ প্ৰচেষ্টা চলাই আহিছে।

লগতে পঢ়কঃ এপিএছচি কেলেংকাৰীত জড়িত সকলক চৰকাৰে সুৰক্ষা দিব বিচৰা কাৰ্যৰ বিৰুদ্ধে ডি ৱাই এফ আইৰ প্ৰতিবাদ

আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ কথা মনত ৰাখি দুয়োজন ভাতৃৰ মাজত পুনৰ মিলন আৰু সৌহাৰ্দ্যতাত নতুন জল্পনা-কল্পনাৰ সৃষ্টি হৈছে ৷

বৰুণ গান্ধীৰ মাতৃ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ বোৱাৰী মেনেকা গান্ধীৰ স্বামী সঞ্জয় গান্ধীৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছত গান্ধী পৰিয়ালৰ বাকীসকলৰ সৈতে মনোমালিন্য ঘটিছিল।

লগতে পঢ়কঃ ‘দ্য নিউয়ৰ্ক ক্ৰাইমছ’! গাজাৰ বাতৰিত পক্ষপাতিত্বৰ অভিযোগ; নিউয়ৰ্ক টাইমছৰ কাৰ্যালয়ত প্ৰতিবাদ

সঞ্জয় আৰু মানেকা গান্ধীৰ পুত্ৰ বৰুণ গান্ধীক বিগত কেইমাহমানত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠকত দেখা পোৱা নাই আৰু এতিয়া বাতিল হোৱা কৃষি আইনকে ধৰি গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত তেওঁৰ মন্তব্য কেতিয়াবা দলৰ স্থিতিৰ বিৰোধী দেখা গৈছে।