NORTHEAST NOW (Assamese)
অসম

মমত্ব! দুৰ্ঘটনাত মৃত্যু হোৱা পুত্ৰৰ দুখ সহ্য কৰিব নোৱাৰি হাৰ্ট এটেকত প্ৰাণ গ’ল মাতৃৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী November 10, 2023 9:28 pm

গোলাঘাট জিলাৰ খুমটাই অঞ্চলত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। দুৰ্ঘটনাত প্ৰাণ হেৰুৱা পুত্ৰৰ মৃত্যুৰ দুখত হাৰ্ট এটেক হৈ প্ৰাণ হেৰুৱালে এগৰাকী মাতৃয়ে।

খবৰ অনুসৰি যোৱা নিশা খুমটাইৰ ধোদৰ আলিত এক আকস্মিক পথ দুৰ্ঘটনাত ঠেঙালগাঁৱৰ ৰাহুল ঠেঙাল ওৰফে ডিম্বেশ্বৰ ঠেঙাল নামৰ এগৰাকী ৩৩ বছৰীয়া যুৱ্বকৰ মৃত্যু হয়।

পুত্ৰৰ আকস্মিক মৃত্যুৰ খবৰ সহ্য কৰিব নোৱাৰি আজি পুৱা মাতৃ জংকি ঠেঙালেও হাৰ্ট এটেকত প্ৰাণ হেৰুৱায়। 

হাৰ্ট এটেকৰ পিছত জংকি ঠেঙালক তততৈয়াকৈ ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। 

মাতৃ-পুত্ৰৰ এই হৃদয়বিদাৰক মৃত্যুৰ ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।