NORTHEAST NOW (Assamese)
Uncategorized

দুৰ্ঘটনা নে হত্যা? জনতা ভৱনৰ সমীপত উদ্ধাৰ যুৱকৰ মৃতদেহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 13, 2023 7:31 pm

দিপাৱলীৰ আনন্দ আৰু উল্লাসৰ মাজতে দেওবাৰে দিছপুৰৰ জনতা ভৱনৰ সমীপতে সংঘটিত হয় এক মৰ্মান্তিক দুৰ্ঘটনা। 

খবৰ অনুসৰি দুৰ্ঘটনাত এজন যুৱকৰ থিতাতে মৃত্যু হয়।

নিহত যুৱকজন জু ৰোড তিনিআলিৰ ছানী শৰ্মা বুলি চিনাক্ত কৰা হৈছে। 

সূত্ৰ অনুসৰি গুৱাহাটীৰ জনতা ভৱনৰ সমীপত বিপৰীত দিশৰ পৰা অহা এ এছ ০১ডিজি ৫৩৯০ নম্বৰৰ পঞ্জীয়ন থকা এখন চাৰিচকীয়া বাহনে খুন্দা মৰাৰ ফলত দুচকীয়া বাহন চলাই অহা ছানী শৰ্মা থিতাতে নিহত হয়। 

কিন্তু এই ঘটনা দুৰ্ঘটনাৰ পৰিৱৰ্তে হত্যা কাণ্ড বু্লি দাবী কৰিছে পৰিয়ালৰ লোকে। কিয়নো যুৱকজনৰ ডিঙি আৰু পেটত বহু আঘাতৰ চিন আছে।

মৃতকৰ জ্যেষ্ঠ ভগ্নীয়ে কয় যে তেওঁৰ ভাতৃক কোনো লোকে দাৰে ঘপিয়াই হত্যা কৰিছে।

যুৱকজনৰ মৃতদেহ পদপথত উদ্ধাৰ হয়।