NORTHEAST NOW (Assamese)
অসম

ম্যানমাৰত সেনা-বিদ্ৰেহীৰ মাজত তুমুল সংঘৰ্ষ; হাজাৰ হাজাৰ লোকৰ ভাৰতলৈ পলায়ন, সোমাইছে মিজোৰামত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 14, 2023 9:13 am

ম্যানমাৰৰ সংখ্যালঘু জনগোষ্ঠীয় বিদ্ৰোহী আৰু দেশখনৰ সামৰিক বাহিনীৰ মাজত তীব্ৰ সংঘৰ্ষ অব্যাহত আছে। এই সংঘৰ্ষৰ ফলত হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে। স্থানীয় বাসিন্দা, বিদ্ৰোহী সংগঠন আৰু চৰকাৰী বিষয়াই জনোৱা মতে, সংঘাতৰ পিছৰে পৰা বহু মানুহ সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিছে।

বাতৰি অনুসৰি, ম্যানমাৰৰ সংঘৰ্ষৰ ফলত প্ৰায় ২০০০ লোক সীমান্তৰে আহি মিজোৰামত প্ৰৱেশ কৰিছে।  

সোমবাৰে সংখ্যালঘু জনগোষ্ঠীয় বিদ্ৰোহীয়ে ম্যানমাৰৰ নিৰাপত্তা বাহিনীৰ কেইবাটাও চেকপইণ্টত আক্ৰমণ চলায়। বিদ্ৰোহী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ দুটা নতুন ফ্ৰণ্টলৈ বিয়পি পৰিছে।

২০২১ চনত অভ্যুত্থানেৰে ক্ষমতালৈ অহাৰ পিছত শেহতীয়াকৈ ম্যানমাৰৰ সামৰিক জুন্টাই আটাইতকৈ ডাঙৰ সংকটৰ সন্মুখীন হৈছে। দেশৰ তিনিটা সংখ্যালঘু জনগোষ্ঠীয় বিদ্ৰোহী সংগঠনৰ সদস্যই যোৱা মাহৰ শেষৰ ফালে জুন্টা বাহিনীৰ বিৰুদ্ধে সমন্বিত আক্ৰমণ আৰম্ভ কৰিছিল। ইতিমধ্যে নিৰাপত্তা বাহিনীক পৰাস্ত কৰি কিছু নগৰ আৰু সামৰিক চকী দখলো কৰিছে।

উল্লেখ্য যে সংখ্যালঘু জনগোষ্ঠীয় বিদ্ৰোহী আৰু সামৰিক বাহিনীৰ সংঘাতৰ বাবে দেশৰ ভৌগোলিক অখণ্ডতা বিপদত পৰিছে। যোৱা সপ্তাহত দেশখনৰ সামৰিক নিযুক্তিপ্ৰাপ্ত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বিদ্ৰোহক ফলপ্ৰসূভাৱে মোকাবিলা কৰিব নোৱাৰাৰ বাবে ম্যানমাৰ খণ্ড-বিখণ্ড হোৱাৰ আশংকা আছে।