NORTHEAST NOW (Assamese)
Popular Stories

প্ৰতি দিনে দান কৰে ৫.৬ কোটি টকা, কোন এইজন ভাৰতৰ আটাইতকৈ দানবীৰ উদ্যোগপতি?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 16, 2023 3:49 pm

প্ৰকাশ পাইছে  দেশৰ সৰ্বাধিক দানশীল ব্যক্তিসকলৰ বাৰ্ষিক ৰেংকিং । এইচ চি এল কোম্পানীৰ সহ-প্ৰতিষ্ঠাপক শিৱ নাদাৰে ২০২৩ বিত্তীয় বৰ্ষত প্ৰতিদিনে গড়ে ৫.৬ কোটি টকা অনুদান দি এই তালিকাৰ শীৰ্ষস্থান দখল কৰিছে। 

শেহতীয়াকৈ প্ৰকাশ পোৱা বাৰ্ষিক এডেলগিভ হুৰুন ইণ্ডিয়া ফিলান্থ্ৰপি ২০২৩ৰ তথ্য অনুসৰি ২০২৩ বিত্তীয় বৰ্ষত শিৱ নাদৰে শিক্ষা, কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰত মুঠ ২০৪২ কোটি টকা অনুদান আগবঢ়াইছে।

ভাৰতৰ আটাইতকৈ উদাৰ ‘দানবীৰ’ লোকৰ এই প্ৰতিবেদনত বাৰ্ষিক দান কৰা ধনৰ পৰিমাণৰ ভিত্তিত শিৱ নাদাৰে শীৰ্ষস্থান লাভ কৰিছে।

শিৱ নাদাৰৰ পিছতেই এই তালিকাত স্থান লাভ কৰিছে বহুজাতিক আই টি কোম্পানী উইপ্ৰ’ৰ প্ৰতিষ্ঠাপক তথা কাৰ্যবাহী বিষয়া আজিম প্ৰেমজী। তেওঁ বছৰটোত মুঠ ১,৭৭৪ কোটি টকা অনুদান আগবঢ়াইছে।

এই তালিকাৰ আটাইতকৈ কমকৈ দান কৰা উল্লেখযোগ্য ব্যক্তিসকলৰ ভিতৰত আছে ষ্টক ব্ৰোকিং কোম্পানী জিৰোধাৰ প্ৰতিষ্ঠাপক নিখিল কামাথ আৰু তেওঁৰ ভাতৃ নীতিন কামাথ। কামাথ ভাতৃদ্বয়ে ভাৰতৰ জলবায়ু আৰু পৰিৱেশ বহনক্ষমতাৰ সৈতে জড়িত সংগঠনসমূহক মুঠ ১১০ কোটি টকাৰ অনুদান আগবঢ়াইছে। কেৱল সেয়াই নহয়, অহা বিত্তীয় বৰ্ষত নিজৰ মুঠ সম্পত্তিৰ আধা অংশ দান কৰাৰ প্ৰতিশ্ৰুতিও দিছে নিখিলে।

এই তালিকাত শীৰ্ষ ১০ গৰাকীৰ ভিতৰত আছে ৭ গৰাকী মহিলা। তাৰ ভিতৰত আছে ৰোহিনী নিলেকানী। নিজৰ নামেৰে নামাকৰণ কৰা দানশীল সংস্থাৰ প্ৰতিষ্ঠাপক লেখিকা ৰোহিনীয়ে চলিত বিত্তীয় বৰ্ষত নিজৰ ব্যক্তিগত সম্পত্তিৰ পৰা মুঠ ১৭০ কোটি টকা অনুদান আগবঢ়াইছে।