NORTHEAST NOW (Assamese)
Popular Stories

বিগ বিয়ে নাচালেই জিকে ভাৰত! অনুৰাগীয়ে দেখিলে বিশ্বজয়ৰ সম্ভাৱনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 16, 2023 9:46 pm

ক্ৰিকেট বিশ্বকাপৰ উন্মাদনাই বাৰুকৈয়ে স্পৰ্শ কৰিছে দেশবাসীক। তাতে বুধবাৰে ছেমিত নিউজিলেণ্ডৰ বিপক্ষে ভাৰতে দুৰন্ত জয়েৰে ফাইনেলত প্ৰৱেশ কৰাৰ পিছত এতিয়া বিশ্বজয়ৰ সুখানুভূতিৰ অপেক্ষাত আছে দেশবাসী।

তাৰ মাজতে বলীউডৰ মুকুটবিহীন সম্ৰাট ‘বিগ বি’ অমিতাভ বচ্চনৰ এক বিশেষ টুইটে ব্যাপক চৰ্চা লাভ কৰিছে। প্ৰখ্যাত অভিনেতাগৰাকী যে এজন উৎসুক ক্ৰিকেট অনুৰাগী, সেয়া কোনো গোপন কথা নহয়।

সেয়ে বুধবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতে বিশ্বকাপৰ ছেমি ফাইনেলত জয়লাভ কৰাৰ পাছত ছুপাৰষ্টাৰগৰাকীৰ পৰা ছ’চিয়েল মিডিয়াত কোনো বাৰ্তা দেখা পাব বুলি অনুৰাগীসকলে আশা কৰিছিল।

পিছে অমিতাভ বচ্চনে টুইটাৰত এনে এক বাৰ্তা পোষ্ট কৰিলে যে তাৰ পিছতে এই পোষ্টটোক লৈ সৰস আলোচনাৰে ভৰি পৰিছে ছ’চিয়েল মিডিয়া। অমিতাভ বচ্চনৰ এই টুইটক লৈ এতিয়া ছ’চিয়েল মিডিয়াত তোলপাৰ।

নিজৰ পোষ্টটোত অভিনেতাগৰাকীয়ে লিখিছিল, “যেতিয়া মই নাচাওঁ, আমি জিকোঁ।” তাৰ পিছতেই পোষ্টটোত ভৰি পৰে নানাজনৰ মন্তব্য। পোষ্টটোক কেন্দ্ৰ কৰি বিভিন্নজনে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া।

 

বিগ বিৰ এই স্বীকাৰোক্তিৰ পিছতে অনুৰাগীয়ে অমিতাভ বচ্চনক ফাইনেল মেচ নাচাবলৈ অনুৰোধ কৰি হাস্যৰসৰ জোৱাৰ তুলিছে। অনুৰাগীৰ আশা, বচ্চনে ফাইনেল নাচালেই বিশ্বজয়ী হ’ব ভাৰত!

এজন অনুৰাগীয়ে আকৌ একলব্য চিনেমাত অমিতাভ বচ্চনৰ চকুত পটি পিন্ধা ছবি এখন শ্বেয়াৰ কৰি লিখিছে, “ভাৰতৰ ফাইনেলৰ দিনাও এনেকৈয়ে থাকক বচ্চন ডাঙৰীয়া।”


এজন ব্যৱহাৰকাৰীয়ে আকৌ অনুৰোধ জনাইছে, “ফাইনেলো নাচাব ছাৰ। আপুনি দেশৰ বাবেটো এই কাম কৰিব পাৰে।” আনকি এজন অনুৰাগীয়ে আকৌ বচ্চনৰ টেলিভিচন শ্ব’ কৌন বানেগা কোটিপতিৰ সৈতে জড়িত এক ৰসাল ভাবুকিও দিছে।

 

আন এজনে আকৌ অমিতাভ বচ্চনক ঘৰৰ টেলিভিচন ভাঙি বিশ্বকাপ শেষ নোহোৱালৈকে তেওঁৰ মোবাইল ফোনটোও ক’ৰবাত পেলাই দিবলৈ পৰামৰ্শ দিছে।

 

 

মুঠৰ ওপৰত এতিয়া অমিতাভ বচ্চনৰ এষাৰি কথাই বাৰুকৈয়ে ধুমুহা আনিছে সামাজিক মাধ্যমত।