NORTHEAST NOW (Assamese)
জীৱনশৈলী

COPD কি ? হাঁপানীৰ লগত কি পাৰ্থক্য আছে? জানি লওক এই ৰোগৰ লক্ষণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 17, 2023 9:46 pm

ক্ৰনিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ চমুকৈ COPD হৈছে দীৰ্ঘদিনীয়া শ্বাস-প্ৰশ্বাসজনিত ৰোগ। এই ৰোগত শ্বাস-প্ৰশ্বাসতন্ত্ৰই সম্পূৰ্ণ বিপৰীত দিশত কাম কৰে। 

আমি উশাহ লওঁতে আমাৰ শৰীৰৰ পৰা কাৰ্বন ডাই অক্সাইড ওলাই যায় আৰু অক্সিজেন প্ৰৱেশ কৰে। কিন্তু চি অ’ পি ডি ৰোগীৰ এই সুযোগ নাথাকে। যদি কাৰ্বন-ডাই-অক্সাইড শৰীৰৰ পৰা ওলাই যাব নোৱাৰে তেন্তে বায়ুপথ সংকীৰ্ণ হৈ পৰে। ফলত উশাহ-নিশাহ লোৱাটো বহুত কষ্টকৰ হৈ পৰে। চি অ’ পি ডিৰ প্ৰাৰম্ভিক লক্ষণসমূহ হ’ল উশাহ লোৱাত কষ্ট, কাহ আৰু উশাহ লোৱাত কষ্ট পোৱা।

এই চি অ’ পি ডিত হাওঁফাওঁৰ বিভিন্ন ৰোগ অন্তৰ্ভুক্ত কৰা হৈছে। এম্ফিচিমা আৰু ক্ৰনিক ব্ৰংকাইটিছও পিছলৈ চি অ’ পি ডিলৈ পৰিণত হয়। এনেধৰণৰ দীৰ্ঘম্যাদী সমস্যাই হাওঁফাওঁৰ ওপৰত হেঁচা প্ৰয়োগ কৰি হাওঁফাওঁৰ ক্ষতিসাধন কৰে। 

এই সমস্যাই আটাইতকৈ বেছি প্ৰভাৱ পেলায় ব্ৰংকিঅ’ল টিউবত। এই শ্বাসনালীয়ে বায়ু পৰিবহণৰ কাম কৰে। ইয়াত দীৰ্ঘদিন ধৰি শ্লেষ্মা জমা হোৱাৰ ফলত দীৰ্ঘদিনীয়া কাহৰ সৃষ্টি হয়। ইয়াক এম্ফিচিমা বুলি জনা যায়। 

চিগাৰেটৰ ধোঁৱা আৰু অন্যান্য বিষাক্ত ৰাসায়নিক কণিকাৰ সংস্পৰ্শলৈ আহিলে ব্ৰংকিঅ’লৰ ক্ষতি হয়। এই সম্ভাৱনা থাকি যায় যদিহে চিঅ’পিডিৰ বাবে জনাজাত জিনীয় বিপদজনক কাৰক আলফা-১ এন্টিট্ৰিপচিনৰ অভাৱ হয় আৰু ৰোগীৰ বয়স ৬৫ ৰ উৰ্ধত হয়।

লগতে দীৰ্ঘদিনীয়া বায়ু প্ৰদূষণ, উশাহ লোৱাত চুটি হোৱাৰ পৰা কষ্ট পোৱাৰ ফলত চি অ’ পি ডিৰ সম্ভাৱনা বৃদ্ধি পায়।

চি অ’ পি ডিৰ সাধাৰণ লক্ষণ –

উশাহ লোৱাত কষ্ট পোৱা, গভীৰ উশাহ ল’ব নোৱাৰা, সঘনাই উশাহ-নিশাহৰ সমস্যা হোৱা শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ, ধাৰাবাহিকভাৱে ওজন কমি যোৱা।

উল্লেখ্য যে COPD  আৰু হাঁপানীৰ মাজত বহু সাদৃশ্য আছে। যাৰ ভিতৰত উশাহ লোৱাত কষ্টও অন্তৰ্ভুক্ত। যদি আপোনাৰ COPD সমস্যা আছে তেন্তে ই হাঁপানীৰ লক্ষণ বৃদ্ধি কৰে। চি অ’ পি ডিৰ মূল কাৰণ হৈছে ধূমপান। কিন্তু হাঁপানী হোৱাৰ অৰ্থ চি অ’ পি ডি হ’বই লাগিব বুলি ক’ব নোৱাৰি।

মানসিক স্বাস্থ্যৰ সৈতে চি অ’ পি ডিৰ সমস্যাৰ সম্পৰ্ক আছে। অৰ্থাৎ এই ৰোগীসকলে সদায় অতিশয় ভয় খায়। পৰিয়ালৰ কোনোবাই যদি COPD ৰোগত আক্ৰান্ত হয় তেন্তে মানসিক স্বাস্থ্যৰ চিকিৎসা সোনকালে আৰম্ভ কৰক। মনত যিমানেই চিন্তা আৰু ভয় আবদ্ধ হৈ পৰিব সিমানেই এই সমস্যা বাঢ়িব। এই ক্ষেত্ৰত ঘৰৰ মানুহবোৰো সজাগ হ’ব লাগে। জীৱনশৈলী সঠিকভাৱে পালন কৰিলে এই সমস্যা দূৰ কৰা সম্ভৱ হ’ব।