NORTHEAST NOW (Assamese)
অসম

দুলীয়াজানত গণ প্ৰহাৰত মৃত্যু বিহাৰৰ এজন লোকৰ: গুৰুতৰভাৱে আহত আন এজন লোক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 28, 2023 6:01 pm
Mob lynching

ৰাজ্যত পুনৰ সংঘটিত হৈছে ম’ব লিঞ্চিঙৰ ঘটনা। ডিব্ৰুগড়ৰ দুলীয়াজানত গণপ্ৰহাৰৰ চিকাৰ হৈজে বিহাৰৰ এজন লোকক।

দুলীয়াজানৰ দিৰিয়াল মাৰ্কেট এলেকাত এই ঘটনা সংঘটিত হৈছে। চাৰিজনীয়া এটা দলৰ আক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছে লোকজনে।

নিহত লোকজনক পেপেন্দ্ৰ মাহাতোৰ বুলি চিনাক্ত কৰা হৈছে। মাহাতোৰ লগতে থকা আন এজন ব্যক্তি এই আক্ৰমণত গুৰুতৰভাৱে আহত হয়।

আহত ব্যক্তিজনৰ নাম মন্তু কুমাৰ বুলি জানিব পৰা গৈছে। সম্প্ৰতি চিকিৎসাধীন মন্তু কুমাৰে সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্যত চাৰিজনীয়া দল এটাই আক্ৰমণ কৰা বুলি উল্লেখ কৰে।

দিৰিয়াল বজাৰৰ পৰা উভতি আহি থকা অৱস্থাত চাৰিজনীয়া দলটোৱে কোনো কাৰণ নোহোৱাকৈ তেওঁলোকক আক্ৰমণ কৰে বুলি দাবী কৰে কুমাৰে।

আক্ৰমণৰ পিছতে স্থানীয় কেইজনমান লোকৰ সৈতে তেওঁ পেপেন্দ্ৰ মাহাতোক দুলীয়াজান অইল হাস্পতাললৈ লৈ যায় বুলি উল্লেখ কৰে কুমাৰে।

আঘাত অত্যন্ত গুৰুতৰ হোৱাৰ ফলত চিকিৎসাৰ সময়ত পেপেন্দ্ৰ মাহাতোৰ মৃত্যু হয়।

বিহাৰৰ বাসিন্দা পেপেন্দ্ৰ মাহাটো দুলীয়াজানৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে।