NORTHEAST NOW (Assamese)
উত্তৰ-পূব

মণিপুৰত ম’ৰেত ৩.৬২ কোটি টকাৰ সোণৰ বিস্কুট জব্দ আছাম ৰাইফলছৰ

Posted by: এন ই নাও নিউজ May 11, 2018 12:48 pm
Gold

নিষিদ্ধঘোষিত সামগ্ৰী চোৰাংভাৱে সৰবৰাহ কৰাৰ ঘাটি হিচাপে পৰিচিত ভাৰত- ম্যানমাৰৰ সীমান্তৰ মণিপুৰৰ ম’ৰেত ৰাজহ চোৰাংচোৱা আৰু আছাম ৰাইফলছৰ এটা দলে যুটীয়াভাৱে চলোৱা এক অভিযানত প্ৰায় ৩.৬২ কোটি টকাৰ সোণৰ বিস্কুট জব্দ কৰিবলৈ সক্ষম হয়।

মণিপুৰৰ ৰাজহ বিভাগে লাভ কৰা এক গোপন খবৰৰ ভিত্তিত চলোৱা উক্ত যুটীয়া অভিযান কালত দলটোৱে প্ৰায় ১২ কিলোগ্ৰাম সোণৰ বিস্কুট জব্দ কৰে।

উল্লেখযোগ্য যে ৰাজহ চোৰাংচোৱা আৰু আছাম ৰাইফলছৰ দলটোৱে চলোৱা তালাচীৰ সময়ত ম’ৰেৰ পৰা ইম্ফল অভিমুখী দুখন কাৰৰ আগ চকাৰ পৰা এই বৃহৎ পৰিমাণৰ সোণৰ বিস্কুট উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আবকাৰী আইনৰ অধীনত এই বৃহৎ পৰিমাণৰ সোণ জব্দ হোৱাক লৈ স্বাভাৱিকতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

ৰাজহ চোৰাংচোৱা বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি এই বৃহৎ পৰিমাণৰ চোৰাং সোণৰ সৰবৰাহৰ সৈতে জঢ়িত থকাৰ সন্দেহত দজন লোকক আটক কৰিছে আৰক্ষীয়ে। আটকাধীন লোক দুজনক সম্প্ৰতি সোধাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

মনকৰিবলগীয়া বিষয় এইটোৱে যে বিগত সময়ছোৱাত ভাৰত- ম্যানমাৰ সীমান্তৰ ম’ৰেত চোৰাংভাৱে সৰবৰাহ কৰা বহু নিচাজাতীয় সামগ্ৰীকে ধৰি বিদেশী মুদ্ৰা আৰু সোণ জব্দ কৰা হৈছিল।

কেৱল চলিত বৰ্ষটোতে দুবাৰকৈ অভিযান চলাই আছাম ৰাইফলছে মুঠ ২৮ কিলোগ্ৰাম সোণ জব্দ কৰিবলৈ সক্ষম হৈছিল।