NORTHEAST NOW (Assamese)
অৰুণাচল

প্ৰকাশ পালে সন্তোষ ট্ৰফীৰ ফাইনেল ৰাউণ্ডৰ গ্ৰুপ বিভাগ; কোন গ্ৰুপত কাৰ লগত থাকিল অসম?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 1, 2023 10:32 am

বৃহস্পতিবাৰে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে এইবাৰৰ সন্তোষ ট্ৰফীৰ চূড়ান্ত ৰাউণ্ডৰ গ্ৰুপ বিভাগসমূহ প্ৰকাশ কৰিছে। সেই অনুসৰি এই ফুটবল প্ৰতিযোগিতাখনৰ পৰৱৰ্তী পৰ্ব অহা বছৰৰ দ্বিতীয় মাহৰ পৰা অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ’ব। ২১ ফেব্ৰুৱাৰীৰ পৰা এই পৰ্ব আৰম্ভ হ’ব আৰু ৯ মাৰ্চলৈকে চলিব।

এইবাৰ মুঠ বাৰটা ফুটবল দলক দুটা ভাগত ভাগ কৰা হৈছে। তেওঁলোকৰ মাজত মেচৰ আয়োজন কৰা হ’ব। এই ক্ষেত্ৰত গ্ৰুপ পৰ্যায়ৰ শ্ৰেষ্ঠ আৰু শক্তিশালী দল হৈছে ক্ৰমে মণিপুৰ, অসম, দিল্লী, চাৰ্ভিচ, মহাৰাষ্ট্ৰ আৰু গোৱা। এই দলসমূহৰ ওপৰত সকলোৰে অতিৰিক্ত দৃষ্টি থাকিব। লগতে কেইবাটাও দলে পূৰ্বৰ পৰ্যায়ৰ ৰাণাৰ্ছ  আপ হিচাপে খেলাৰ সুযোগ পাব।

লগতে পঢ়কঃ আজিৰে পৰা সলনি হৈছে ছিম ক্ৰয়ৰ নতুন নিয়ম; নামানিলে ১০ লাখ টকা জৰিমনা, হ’ব পাৰে জেল

ইয়াৰ ভিতৰত মিজোৰাম, কেৰালা, ৰেল ৱেলছৰ দৰে ফুটবল দলো আছে। আন তিনিটা ফুটবল দলেও চূড়ান্ত ৰাউণ্ডত প্ৰৱেশ কৰে। যোৱা বছৰৰ বিজয়ী দল কৰ্ণাটক সেই তালিকাত আছে। সেইদৰে আছে ৰাণাৰ্ছ আপ মেঘালয়।

ইয়াৰ উপৰিও অৰুণাচল প্ৰদেশে আয়োজক ৰাজ্য হিচাপে খেলাৰ সুযোগ লাভ কৰিছে। এই ফুটবল দলটোৰ প্ৰতিও বহুতৰে দৃষ্টি থাকিব। আচলতে সময়ৰ লগে লগে অৰুণাচলে নিজকে শক্তিশালী কৰি তুলিছে। সেয়ে, এই ফুটবল দলটোৱে এইবাৰ ডাঙৰ অঘটন ঘটাবও পাৰে। অৱশ্যে এই বাৰটা দলৰ ভিতৰত চাৰিটা দলে কোৱাৰ্টাৰ ফাইনেলত সুযোগ ল’ব। তাৰ পিছতে ইয়াৰ পৰৱৰ্তী ৰাউণ্ডটো আৰম্ভ হ’ব।

লগতে পঢ়কঃ দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে ঘোষণা ভাৰতীয় দল: সীমিত অভাৰৰ শৃংখলাত নাই কোহলী-ৰোহিত

কিন্তু এইবাৰ প্ৰশ্ন হ’ল কোন গ্ৰুপত কোন থাকিব? এই ক্ষেত্ৰত অৰুণাচল প্ৰদেশ, অসম, গোৱা, কেৰালা, মেঘালয় আৰু চাৰ্ভিছেছে প্ৰথম বিভাগ অৰ্থাৎ গ্ৰুপ ‘এ’ত সুযোগ পাইছে। আনহাতে গ্ৰুপ ‘বি’ত আছে ক্ৰমে মণিপুৰ, ৰেলৱে, মিজোৰাম, মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু দিল্লী।