NORTHEAST NOW (Assamese)
অসম

লিডুত অবৈধ কয়লা ব্যৱসায়ীৰ বাসগৃহত আয়কৰ বিভাগ আৰু চি বি আইৰ অভিযান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 1, 2023 6:20 pm
Illegal coal trade

অবৈধ কয়লা ব্যৱসায়ৰ বিপক্ষে আৰু ৰাজ্যত চলিল এক আকস্মিক অভিযান। আজি পুৱা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত আয়কৰ বিভাগ আৰু চি বি আইৰ দলে অভিযান চলাই তিনিজন অবৈধ কয়লা ব্যৱসায়ীৰ বাসগৃহত।

আয়কৰ বিভাগ আৰু চি বি আইৰ এই অভিযান চলে লিডুৰ বি গণেশ, বাহবাৰীৰ সুনীল গুৰুং আৰু বৰগোলাইৰ গোবিন্দ চেত্ৰী নামৰ ব্যৱসায়ী তিনিজনৰ বাসগৃহত।

তিনিওগৰাকীৰ বিৰুদ্ধে কয়লা ছিণ্ডিকেট চলোৱাৰ লগতে মাৰ্ঘেৰিটা কয়লা ইণ্ডিয়া লিমিটেডৰ অধীনত বিভিন্ন কয়লাক্ষেত্ৰত অবৈধ কয়লা খননৰ কামত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।

চি আৰ পি এফ বাহিনীৰ এক বৃহৎ দলৰ সহযোগত আয়কৰ বিভাগ আৰু চি বি আয়ে একেলগে কয়লা ব্যৱসায়ী তিনিজনৰ বাসগৃহত অভিযান চলায়।

লক্ষনীয়ভাৱে, এই অভিযানৰ সময়ত অসম আৰক্ষীৰ স্থানীয় আৰক্ষী অভিযানথলীত উপস্থিত নাছিল। অভিযান সন্দৰ্ভত আৰক্ষীক অৱগত কৰা নাছিল বুলিও সূত্ৰই প্ৰকাশ কৰিছে।

সূত্র অনুসৰি, আগন্তুক অসম বিধানসভা নির্বাচনৰ পূর্বে কৰ ফাঁকি তথা হিচাপ বিহীন ধনৰ সোঁত প্রতিহত কৰিবলৈ এই অভিযান চলোৱা হৈছিল৷

তদন্তত এই অবৈধ ব্যৱসায়ৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন হোৱা কেইবাগৰাকীও প্ৰতিপত্তীশীল ৰাজনীতিবিদ তথা আন অংশীদাৰৰ নাম পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

ইফালে এই অভিযানত জড়িত থকা বিষয়াসকলে এতিয়াও অভিযান সন্দৰ্ভত সংবাদ মাধ্যমক সম্বোধন কৰা নাই আৰু অব্যাহত ৰাখিছে তদন্ত।