NORTHEAST NOW (Assamese)
ক্ৰীড়া

নহয় শচীন কিম্বা কোহলী! এইগৰাকী তাৰকাহে ভাৰতৰ শ্ৰেষ্ঠ বেটাৰ! মন্তব্য পাকিস্তানী ক্ৰিকেটাৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 2, 2023 8:40 pm
Sachin Tendulkar Virat Kohli Rohit Sharma

প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি ভাৰতীয় ক্ৰিকেটে লাভ কৰি আহিছে ক্ৰিকেট বিশ্বত আধিপত্য বিস্তাৰ কৰা মহাতাৰকা বেটাৰ লাভ কৰিছে। মূলত: গাভাস্কাৰ, শচীন, কোহলীৰ ৰূপত ভাৰতে লাভ কৰিছে বিশ্ব ক্ৰিকেটৰ সৰ্বকালৰ শ্ৰেষ্ঠ বেটাৰসকলৰ অন্যতম বেটাৰ।

গাভাস্কাৰক বাদ দিও শচীন তেণ্ডুলকাৰ আৰু বিৰাট কোহলীক তৰ্কহীনভাৱে সৰ্বকালৰ দুজন শ্ৰেষ্ঠ বেটাৰ হিচাপে ইতিমধ্যে স্বীকৃতি দিছে ক্ৰিকেট বিশেষজ্ঞসকলে। ক্ৰিকেট জগতত প্ৰায় প্ৰতিটো শীৰ্ষ বেটিং অভিলেখ এই দুই ভাৰতীয় তাৰকাৰ হাততে আছে।

টেষ্ট ক্ৰিকেটত তেণ্ডুলকাৰে সৰ্বাধিক শতক (৫১)ৰ অভিলেখ নিজৰ নামত লিপিবদ্ধ কৰাৰ বিপৰীতে শেহতীয়াকৈ কোহলীয়ে তেওঁক অতিক্ৰম কৰি এদিনীয়াত সৰ্বাধিক শতক অৰ্জনকাৰী বেটাৰ হিচাপে পৰিগণিত হৈছে।

ইফালে টেষ্ট আৰু এদিনীয়া ফৰ্মেটৰ ইতিহাসত তেণ্ডুলকাৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী বেটাৰ হিচাপে এক ঈৰ্ষণীয় অভিলেখৰ গৰাকী হোৱাৰ বিপৰীতে টি-২০ ফৰ্মেটত এই অভিলেখ নিজৰ নামত সন্নিৱিষ্ট কৰিছে কোহলীয়ে।

এনে অভিলেখক বাদ দিও ক্ৰিকেটীয় পৰিভাষাৰ অলেখ নান্দনিক শ্বটেৰে এই দুই তাৰকাই দশক ধৰি আন্দোলিত কৰি ৰাখিছে ক্ৰিকেটপ্ৰেমী মন মগজু। অৱশ্যে এই দুই মহাতাৰকাক ভাৰতৰ শ্ৰেষ্ঠ বেটাৰ হিচাপে মানিবলৈ যেন সন্মত নহয় পাকিস্তানৰ এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ।

প্ৰাক্তন পাকিস্তানী পেচাৰ জুনেইদ খানে শচীন অথবা কোহলীক নহয়, ৰোহিত শৰ্মাকহে সৰ্বশ্ৰেষ্ঠ ভাৰতীয় বেটাৰ বুলি অভিহিত কৰিছে। অৱশ্যে ক্ৰিকেট ইতিহাসত ৰোহিত শৰ্মাও যে পিছপৰি ৰৈছে, তেনে নহয়। তিনিটাকৈ এদিনীয়া দ্বিশতক অৰ্জনকাৰী ৰোহিতৰ নামত আছে এদিনীয়াত সৰ্বাধিক স্ক’ৰৰ ৰেকৰ্ড।

ৰোহিত শৰ্মাক সৰ্বশ্ৰেষ্ঠ ভাৰতীয় বেটাৰ হিচাপে আখ্যা দিয়াৰ আঁৰত যুক্তি আগবঢ়াইছে জুনেইদ খানে। তেওঁৰ মতে, ৰোহিত শৰ্মাৰ ক্ৰিকেটীয় অস্ত্ৰভাণ্ডাৰত সকলো ধৰণৰ শ্বট মজুত আছে। কোহলীক অৱশ্যে এজন মহান খেলুৱৈ আখ্যা দিয়া প্ৰাক্তন পেচাৰগৰাকীয়ে।

লগতে শচীনে সাম্প্ৰতিক ক্ৰিকেটত বেটিং কৰা হ’লে শতাধিক শতক কৰিলেহেঁতেন বুলিও জুনেইদ খানে মন্তব্য কৰে। কিন্তু ৰোহিত শৰ্মাৰ বিস্ফোৰক শৈলীৰে বেটিং কৰি দীঘলীয়া ইনিংছ খেলিব পৰা ক্ষমতাৰ বাবে জুনেইদ খানে শচীন আৰু কোহলীতকৈ ৰোহিতক আগস্থান দিয়ে।

জুনেইদ খানে কয় যে, ৰোহিত শৰ্মাই এদিনীয়াত খেলা অবিশ্বাস্য ২৬৪ ৰাণৰ ইনিংটোৰ বাবে সকলোৱে ৰোহিতক ‘দ্য হিটমেন’ বুলি আখ্যা দিছে। ইয়াৰ উপৰিও ৰোহিত শৰ্মাই ক্ৰিকেটত সৰ্বাধিক ছয় কোবাইছে বুলি আঙুলিয়াই দিয়ে জুনেইদে।

উল্লেখ্য যে, সদ্যসমাপ্ত ক্ৰিকেট বিশ্বকাপত ৰোহিতৰ নেতৃত্বতে ভাৰত ফাইনেলত উপনীত হৈছিল। অৱশ্যে ফাইনেলত অষ্ট্ৰেলিয়াৰ বিপক্ষে পৰাস্ত হৈ বিশ্বকাপ জয়ৰ আশা ভংগ হৈছিল ভাৰতৰ। বিশ্বকাপত কোহলী সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে দ্বিতীয়ত আছিল ৰোহিত।