NORTHEAST NOW (Assamese)
দেশ

গণনা সমাপ্ত হোৱাৰ আগতেই জনালে অভিনন্দন : তেলেংগানাৰ ডিজিক নিলম্বন নিৰ্বাচন আয়োগৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 3, 2023 8:29 pm

ভাৰতীয় নিৰ্বাচনৰ ইতিহাসত এনে আন উদাহৰণ আছে নে নাই সেয়া গৱেষণাৰ বিষয়। দেওবাৰে ভোটগণনাৰ মাজতে ভাৰতীয় নিৰ্বাচন আয়োগে তেলেংগানা আৰক্ষীৰ ডি জি অঞ্জনী কুমাৰক আচৰণ বিধি উলংঘা কৰাৰ বাবে নিলম্বন কৰে।

গণনাৰ সময়ত অঞ্জনী কুমাৰে তেলেংগানা প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীক সাক্ষাৎ কৰে। তেওঁৰ জয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰে। সেই কাৰণেই তেওঁক নিলম্বন কৰা হৈছে।

ডিজিপি অঞ্জনী কুমাৰৰ লগতে ৰাজ্য আৰক্ষীৰ আন দুজন উচ্চপদস্থ বিষয়া – অতিৰিক্ত ডিজি মহেশ ভাগৱত আৰু অতিৰিক্ত ডিজি (আইন শৃংখলা) সঞ্জয় কুমাৰ জৈনকো শাস্তি প্ৰদান কৰে আয়োগে।