NORTHEAST NOW (Assamese)
অসম

নিজ সমষ্টি মাজুলীত কলৰ ভূৰত তুলি বাংলাদেশলৈ বুলি বিসৰ্জন মুখ্য মন্ত্ৰীৰ প্ৰতিকৃতি

Posted by: মিটু খাটনিয়াৰ May 11, 2018 6:20 pm
protest against cm sonowal

ধৰ্মৰ ভিত্তিত বিদেশীক নাগৰিকত্ব দিয়াৰ বাবে বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ খোদ নিজৰ সমষ্টি মাজুলীতে ব্যপক গণ বিক্ষোভৰ সম্মুখীন হ’ব লগা হৈছে ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ( Sarbananda Sonowal )। সদৌ চুতীয়া ছাত্ৰ সন্থাৰ মাজুলী সমিতিয়ে আজি ১১ মে’ত মুখ্য মন্ত্ৰীগৰাকীৰ প্ৰতিকৃতিৰ লগতে প্ৰস্তাৱিত বিধেয়কখনৰ প্ৰতিলিপি কলৰ ভূৰত উঠাই বাংলাদেশলৈ বুলি খেৰকটীয়া নদীত বিসৰ্জন দিয়ে।

‘খিলঞ্জীয়া লোকৰ অস্তিত্বৰ প্ৰতি ভাবুকিস্বৰূপ এই বিধেয়কৰ বিৰোধিতাৰে’ আজি সদৌ চুতীয়া ছাত্ৰ সন্থাই মাজুলীৰ নতুন বজাৰত প্ৰতিবাদ সাব্যস্ত কৰি ‘জাতিৰ এই সংকটৰ সময়ত নীৰৱ ভূমিকা লোৱা একালৰ জাতীয় নায়ক তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ নীৰৱতাক ধিক্কাৰ’ দিয়ে।

নাগৰিকত্ব বিধেয়ক ২০১৬ বাতিল কৰাৰ দাবীত মাজুলীৰ আকাশ কঁপাই তুলি ছাত্ৰ সংগঠনটোৱে ‘দল-সংগঠন নিৰ্বিশেষে সকলোকে এই বিধেয়ক বাতিল কৰিবৰ বাবে ওলাই আহিবলৈ আহ্বান জনায়’।

উল্লেখযোগ্য যে মুখ্য মন্ত্ৰী সোণোৱাল যোৱা ৩০ জানুৱাৰিত গোলাঘাটৰ আঠখেলীয়াত সদৌ চুতীয়া ছাত্ৰ সন্থাৰ ৫ম দ্বিবাৰ্ষিক অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত আছিল।