NORTHEAST NOW (Assamese)
দেশ

চিচি টিভিত বন্দী হত্যাৰ দৃশ্য : আততায়ীৰ গুলীত নিহত ৰাষ্ট্ৰীয় ৰাজপুত কৰ্ণী সেনাৰ মুৰব্বী সুখদেৱ সিং গগামেডি

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 5, 2023 6:26 pm

মঙলবাৰে আততায়ীৰ গুলীত নিহত হয় সোঁপন্থী গোট ৰাষ্ট্ৰীয় ৰাজপুত কৰ্ণী সেনাৰ মুৰব্বী সুখদেৱ সিং গগামেডি। গগামেডি নিজৰ ঘৰত থকাৰ অৱস্থাতে দৃষ্কৃতিকাৰীয়ে শীতল মস্তিষ্কৰে নেতাগৰাকীক হত্যা কৰে।

ইতিমধ্যেই ভাইৰেল হি পৰিছে এই ঘটনাৰ চিচিটিভি ফুটেজ। চিচি টিভিত বন্দী হোৱা ভিডিঅ’ত দেখা গৈছে যে অভিযুক্তই গগামেডি আৰু তেওঁৰ সহযোগীসকলৰ লগত বহি প্ৰায় ১০ মিনিট সময় কথা পাতি গুলীচালনা আৰম্ভ কৰে। 

ভিডিঅ’টোত দেখা গৈছে যে গোগামেডীয়ে তেওঁৰ ফোনটোলৈ চাই থকাৰ সময়তে তেওঁৰ ওচৰতে বহি থকা লোকসকলে হঠাতে থিয় হৈ ওচৰৰ পৰা কমেও পাঁচটা গুলী নিক্ষেপ কৰে। 

গগামেডিৰ এজন গাৰ্ডে গুলীয়াগুলীয়ত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছিল যদিও আততায়ীৰ গুলীত গাৰ্ডজনো আহত হয়। 

আৰক্ষীয়ে জনোৱা মতে, ‘আক্ৰমণকাৰীয়ে সুখদেৱ সিং গগামেডিক গুলীয়াই হত্যা কৰাৰ পূৰ্বে কমেও ১০ মিনিটৰ সৈতে তেওঁৰ সৈতে বহিছিল।

২০ ছেকেণ্ডৰ এই ক্লিপটোত দেখা গৈছে যে গোগামেডি নিশ্চল হৈ পৰাৰ পিছতো বাৰে বাৰে গুলীচালনা কৰে লোককেইজনে।

খবৰ অনুসৰি আজি নিশা প্ৰায় ১২.৩০ বজাত সংঘটিত হয় এই ঘটনা। ততাতৈয়াকৈ গগামেডি আৰু তেওঁৰ দুই সহযোগীক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে মৃত ঘোষণা কৰা হয়।

আনহাতে, ক্ৰছ ফায়াৰত এজন আক্ৰমণকাৰীও নিহত হোৱা বুলি জানিব পৰা গৈছে। 

এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে গোল্ডি ব্ৰাৰ গেঙৰ এজন সদস্যই। ৰোহিত গোদাৰা কাপুৰিছৰে ফেচবুক পোষ্টত লিখিছে, ‘সুখদেৱ গগামেদীৰ হত্যাকাণ্ডৰ সম্পূৰ্ণ দায়িত্ব আমি লৈছোঁ।’

তেওঁ দাবী কৰে যে গগামেডিয়ে গোল্ডি ব্ৰাৰ গেঙৰ শত্ৰুক সমৰ্থন কৰিছিল আৰু সেইবাবেই তেওঁক হত্যা কৰা হৈছে।