NORTHEAST NOW (Assamese)
Popular Stories

ড্ৰাইভিং লাইচেন্সৰ পৰীক্ষাত ৫৯ বাৰ ফেইল : পাছ কৰিয়েই গঢ়িলে এই অভিলেখ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 6, 2023 1:06 pm

ধৈৰ্য্য আৰু পৰিশ্ৰম – এই দুটা গুণ থাকিলে কি কৰিব নোৱাৰি! এই কথাই প্ৰমাণ কৰি দেখুৱালে ব্ৰিটেইনৰ এগৰাকী ব্যক্তিয়ে।

গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰৰ বাবে ধাৰাবাহিকভাবে অনুৰ্ত্তীণ হৈও অভিলেখ গঢ়িলে এইজনা ব্যক্তিয়ে। মুঠ ৫৯ বাৰ পৰীক্ষা দিয়ো গাড়ী চলোৱাৰ অনুজ্ঞা পত্ৰৰ পৰীক্ষাত উৰ্ত্তীণ নহ’ল তেওঁ। ৬০ বাৰত হে এই পৰীক্ষাত সফলতাৰ মুখ দেখিলে ব্যক্তিগৰাকীয়ে। 

ইংলেণ্ডৰ ৱৰ্চেষ্টাৰশ্বাৰত সংঘটিত হৈছে এই ঘটনা। ব্ৰিটেইনৰ ইতিহাসত এনে ঘটনা কেতিয়াও হোৱা নাই। 

স্থানীয় সংবাদ সংস্থা বিবিচিৰ মতে, ব্ৰিটেইনত এতিয়ালৈকে এইটোৱেই হৈছে সৰ্বকালৰ অভিলেখ। ইয়াৰ আগতে ইমানবাৰ ড্ৰাইভিং লাইচেন্স টেষ্টত কোনেও বহিব পৰা নাই। গতিকে ই এক প্ৰকাৰৰ অভিলেখেই।

উল্লেখ্য যে ব্ৰিটেইনত প্ৰাৰ্থী সকলে গাড়ী চলোৱাৰ ব্যৱহাৰিক পৰীক্ষাত বহাৰ আগতে তত্ত্বৰ পৰীক্ষাত উৰ্ত্তীণ হ’ব লাগে। এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতহে ব্যৱহাৰিক পৰীক্ষাৰ বাবে স্লট বুকিং কৰিব পৰা যায়। 

এই তত্ত্ব পৰীক্ষাটো মূলতঃ দুটা পৰ্যায়ত কৰা হয়। প্ৰথম পৰ্যায়ত ৫০টা বহু পছন্দৰ প্ৰশ্ন থাকে। ইয়াত কমেও ৪৩টা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিব লাগিব। 

তাৰ পিছত ১৪ টা ভিডিঅ’ ক্লিপ চাব লাগে আৰু শুদ্ধ উত্তৰ দিব লাগে। এই তত্ত্ব পৰীক্ষাত এজন শিক্ষাৰ্থীয়ে এবাৰ ফেইল কৰিলে তেওঁ পৰীক্ষাটো পুনৰ দিবলৈ কমেও তিনিদিন অপেক্ষা কৰিবলগীয়া হয়।

এই তত্ত্ব পৰীক্ষা একেবাৰেই বৰ সহজ নহয়। বহুতো প্ৰাৰ্থী বিফল হয়। ৱৰ্চেষ্টাৰশ্বাৰৰ স্থানীয় পৰিবহণ কৰ্তৃপক্ষৰ পৰিসংখ্যাই দেখুৱাইছে যে যোৱা ডেৰ দশকত তত্ত্ব পৰীক্ষাত উত্তীৰ্ণৰ হাৰ যথেষ্ট হ্ৰাস পাইছে। ২০০৭-০৮ চনত তত্ত্ব পৰীক্ষাত উত্তীৰ্ণৰ হাৰ আছিল মাত্ৰ ৬৫ শতাংশ। ২০২২-২৩ চন পৰা উত্তীৰ্ণৰ এই হাৰ ৪৪ শতাংশলৈ হ্ৰাস পাইছিল। স্কাই নিউজৰ তথ্য অনুসৰি বিগত সময়ত বহু লোকে তত্ত্ব পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আদালতৰ দ্বাৰস্থ হ’বলগা হৈছিল।