NORTHEAST NOW (Assamese)
অসম

আলফা (স্বাধীন)ত যোগদান ডিব্ৰুগড়ৰ সাংবাদিকৰ: ফেচবুক যোগে কৰিলে ঘোষণা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 6, 2023 3:02 pm
ULFA (Independent)

নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা (স্বাধীন)ত পুনৰ যোগ দিছে ৰাজ্যৰ এগৰাকী যুৱকে। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ এগৰাকী সাংবাদিকে যোগদান কৰিছে সংগঠনটোত।

সাংবাদিকজনৰ নাম বিদ্যুৎ মহন্ত বুলি জানিব পৰা গৈছে। এখন আগশাৰীৰ দৈনিক বাতৰি কাকতৰ সাংবাদিক আছিল বিদ্যুৎ মহন্ত।

আজি ছ’চিয়েল মিডিয়াৰ জৰিয়তে তেওঁ নিজেই আলফা (স্বাধীন)ত যোগদান কৰা বুলি অৱগত কৰে।

এক ফেচবুক পোষ্ট যোগে নিজৰ সিদ্ধান্তৰ বিষয়ে সদৰী কৰে যুৱকজনে। তেওঁৰ এই বিশেষ পোষ্টটোৰ পিছতে সামাজিক মাধ্যমত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।

যুৱকজনৰ ফেচবুক পোষ্ট:


ইফালে যুৱকজনৰ এই সিদ্ধান্তৰ পাছতে পৰিয়ালৰ লোকে তেওঁক এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰি পুনৰ নিজ গৃহলৈ ঘূৰিবলৈ আহ্বান জনোৱা পৰিলক্ষিত হৈছে।