NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী প্ৰে’ছ ক্লাবৰ মীডিয়া ক্লিনিকত শনিবাৰে সেৱা আগবঢ়াব নাৰায়না চিকিৎসালয়ে

Posted by: এন ই নাও নিউজ May 11, 2018 8:41 pm
HEALTH-CHECKUP-CAMP at gauhati press club

গুৱাহাটীৰ নাৰায়না চিকিৎসালয় ( Narayana Hospital )এ অহা ১২ মে’ শনিবাৰে আবেলি ৩ বজাৰ পৰা ৫ বজালৈ গুৱাহাটী প্ৰে’ছ ক্লাবৰ সাপ্তাহিক অ’পিডি ক্লিনিকত সেৱা আগবঢ়াব।

সাংবাদিক আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলে জৰুৰীকালীন মেডিছিন বিশেষজ্ঞ ডাঃ সৌমাৰ দত্তৰ পৰা শিবিৰটোত বিনামূলীয়াকৈ পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব। শিবিৰটোত বিনামূলীয়াকৈ ওজন আৰু ৰক্তচাপো পৰীক্ষা কৰাব পাৰিব।

যোৱা ৫ মে’ত হোৱা শিবিৰটোত গুৱাহাটীৰ এক্সেলকেয়েৰ চিকিৎসালয় (Excelcare Hospital)ৰ হৈ মেডিছিন বিশেষজ্ঞ ডাঃ এ’ চি নেওগে সেৱা আগবঢ়াইছিল।

সংবাদকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ সুবিধাৰ বাবে এই মীডিয়া ক্লিনিকটো আৰম্ভ কৰা হৈছিল। গুৱাহাটীৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী চিকিৎসালয়ৰ লগতে দেশৰো বহুবিলাক আগশাৰীৰ চিকিৎসালয়ে ইতিপূৰ্বে এই সাপ্তাহিক মীডিয়া ক্লিনিকটোত সেৱা আগবঢ়াইছে।