NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক : বিৰোধিতাৰে ঐক্যবদ্ধ উত্তৰ-পূবৰ সকলো বিদ্ৰোহী সংগঠন

Posted by: এন ই নাও নিউজ May 11, 2018 9:25 pm

কেন্দ্ৰৰ সৈতে শান্তি আলোচনাত থকা উত্তৰ-পূবৰ সকলো বিদ্ৰোহী সংগঠনক একগোট কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিবলৈ দাবী তুলিব আলফাই।

আজি আলফাৰ দ্বাৰা প্ৰচাৰিত আৰু আলফাৰ আলোচনাপন্থী গোটৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া, এন ডি এফ বিৰ সাধাৰণ সম্পাদক, কে এল এন এল এফৰ সভাপতি, পি ডি এ কে (Peoples Democratic Alliance of Kukigam)ৰ সাধাৰণ সম্পাদকৰ দ্বাৰা স্বাক্ষৰিত এটা প্ৰেছ বিজ্ঞপ্তিত এই কথা জানিব পৰা গৈছে।

Anup Chetiapress_Release

“অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ভাৰতীয় সংবিধান আন ৰাজ্যৰ দৰে সমানে প্ৰযোজ্য নহয়। ভাৰত ৰাষ্ট্ৰ ব্যৱস্থাটো এই ভূ-খণ্ডৰ খিলঞ্জীয়া জনগণৰ অস্তিত্ব আৰু সুৰক্ষাৰ বাবে দায়বদ্ধ নহয় আৰু তথাকথিত গণতান্ত্ৰিক চৰিত্ৰ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত সাব্যস্ত কৰিব নোৱৰা বাবেই আমি সশস্ত্ৰ পন্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছিলো।” -বিবৃতিটোত এইদৰে কোৱা হৈছে। লগতে কোৱা হৈছে যে এই সংঘাতসমূহ আলোচনাৰ জৰিয়তে মীমাংসা কৰাৰ স্বাৰ্থত প্ৰচেষ্টা চলাই থকা অৱস্থাতে পুনৰ অসমৰ খিলঞ্জীয়া লোকৰ অস্তিত্ব ধ্বংস কৰাৰ পৰিকল্পনাৰে ভাৰতীয় সংবিধানৰ সংশোধন ঘটনাই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গ্ৰহণৰ ষড়যন্ত্ৰ কৰিছে।

“আলোচনাৰ জৰিয়তে ৰাজনৈতিক মীমাংসাৰ চেষ্টা কৰি থকা নিম্নোক্ত সশস্ত্ৰ সংগঠন সমূহে এই বিধেয়কখনৰ দ্বাৰা ৰাজনৈতিক মীমাংসা বিচাৰি কৰা এই প্ৰচেষ্টাটোৰ প্ৰতি অপমান কৰিছে বুলি ধৰি লৈছো। এই বিধেয়ক অনতি পলমে বাতিল নকৰিলে আমি অসম আৰু উত্তৰ-পূবৰ আলোচনাৰ জৰিয়তে ৰাজনৈতিক মীমাংসাৰ চেষ্টা কৰি থকা সকলো সংগঠনে ঐক্যবদ্ধভাৱে গণতান্ত্ৰিক প্ৰতিৰোধ গঢ়ি তুলিম।” বিবৃতিটোত এইদৰে কয় সংগঠনৰ নেতৃবৃন্দই।