NORTHEAST NOW (Assamese)
অসম

যোৰহাটত সেনাৰ শিবিৰত বিস্ফোৰণ : দায়িত্ব স্বীকাৰ আলফা (স্বাধীন)ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 14, 2023 9:32 pm
grenade blast in Jorhat

আজি সন্ধিয়া এক বিস্ফোৰণে কঁপাই তোলে যোৰহাট জিলাৰ লিচুবাৰীস্থিত ভাৰতীয় সেনাৰ শিবিৰ।

সেনাৰ শিবিৰটোত গ্ৰেনেড বিস্ফোৰণ ঘটায় আলফা (স্বাধীন)- এ।

বিস্ফোৰণত এইপৰ্যন্ত কোনো লোক হতাহত হোৱাৰ খবৰ প্ৰকাশ পোৱা নাই।

সূত্ৰ অনুসৰি, দুজন মটৰচাইকেল আৰোহীয়ে সেনা শিবিৰলৈ লক্ষ্য কৰি গ্ৰেনেডটো নিক্ষেপ কৰিছিল।

এই ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে। ইফালে, আলফা (স্বাধীন)- এ এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে।

ঘটনাটোৰ পিছতে সংগঠনটোৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই স্থানীয় দূৰদৰ্শন চেনেলসমূহলৈ ফোন কৰি বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰে।