মুম্বাইৰ মহিলাৰ অশ্লীল ভিডিঅ’ ৰেকৰ্ড কৰি ধনদাবী: গ্ৰেপ্তাৰ শোণিতপুৰৰ যুৱক

মুম্বাইৰ এগৰাকী মহিলাক ব্লেকমেইলিং কৰি গ্ৰেপ্তাৰ হৈছে শোণিতপুৰ জিলাৰ এজন যুৱক। মহাৰাষ্ট্ৰ আৰক্ষীৰ এটা দলে অসমৰ পৰা গ্ৰেপ্তাৰ কৰিছে ২৩ বছৰীয়া যুৱকজনক।
মহিলাগৰাকীৰ অশ্লীল ভিডিঅ’ ৰেকৰ্ডিং কৰি পিছত এই ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকিৰে ১,০০,০০০ টকা ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে যুৱকজনৰ বিৰুদ্ধে।
দিলদাৰ হুছেইন আলী নামৰ অভিযুক্ত যুৱকজনে চ’ছিয়েল মিডিয়া যোগে মুম্বাইৰ মহিলাগৰাকীৰ লগত বন্ধুত্ব গঢ়ি ৱাটছএপত ভিডিঅ’ চাটত তেওঁৰ অশ্লীল ভিডিঅ’ ৰেকৰ্ডিং কৰে।
পিছত আলীয়ে এটা ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি এই অশ্লীল ভিডিঅ’সমূহ আপলোড কৰে। ইফালে আৰক্ষীৰ হাতত ধৰা পৰাৰ ভয়ত যুৱকজনে ঘৰৰ পৰা পলায়ন কৰে।
কিন্তু ১২ ঘণ্টীয়া অভিযানৰ অন্তত শোণিতপুৰ জিলাৰ বনাঞ্চলৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বৃহস্পতিবাৰে ধৃত দিলদাৰ হুছেইন আলীক মুম্বাইলৈ লৈ যোৱা হয়।
আৰক্ষীৰ তথ্য অনুসৰি, কিছু মাহ পূৰ্বে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত আলীৰ সংস্পৰ্শলৈ আহিছিল মহিলাগৰাকী। আলীয়ে তেওঁৰ লগত বন্ধুত্ব গঢ়ি তুলি বিয়াৰ প্ৰতিশ্ৰুতি দিয়ে আৰু প্ৰায়ে ভিডিঅ’ কলত বাৰ্তালাপ কৰে।
ভিডিঅ’ কলত আলীয়ে মহিলাগৰাকীক প্ৰায়ে অশ্লীল কাৰ্যকলাপ কৰিবলৈ বাধ্য কৰাইছিল আৰু সেইসমূহ নিজৰ মোবাইলত ৰেকৰ্ডিং কৰিছিল। তাৰ পিছত তেওঁ এটা ভুৱা একাউণ্ট খুলি এই ভিডিঅ’বোৰ আপলোড কৰিছিল।
ইফালে মহিলাগৰাকীয়ে এই সন্দৰ্ভত অভিযোগ দাখিল কৰাৰ পিছত আলীয়ে এই ভিডিঅ’সমূহৰ প্ৰচাৰ কৰা বন্ধ কৰিবলৈ ধন দাবী কৰিছিল বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।