ধুবুৰীত মৃত অৱস্থাত উদ্ধাৰ শিহু: মাছধৰা জালত লাগি মৃত্যুৰ সন্দেহ

ধুবুৰী জিলাত আজি মৃত অৱস্থাত উদ্ধাৰ হয় এটা শিহু। ধুবুৰীৰ মাজেৰচৰ অঞ্চলৰ নদীৰ পাৰৰ সমীপত শিহুটো মৃত অৱস্থাত উদ্ধাৰ হয়।
শিহুটোৰ তলৰ অংশ আঘাতপ্ৰাপ্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি মাছ ধৰা জালত আবদ্ধ হৈ শিহুটোৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে।
অৱশ্যে মৃত্যুৰ সঠিক কাৰণ এইপৰ্যন্ত জানিব পৰা হোৱা নাই। এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা বুলি কৰ্তৃপক্ষই সদৰী কৰিছে।
প্ৰকাশিত খবৰ অনুসৰি মূলত: গংগা নদীৰ এই শিহুটো এটা প্ৰাপ্তবয়স্ক মতা শিহু আছিল।