NORTHEAST NOW (Assamese)
দেশ

ভুৱা এনকাউণ্টাৰ! ২৯ বছৰৰ পিছত ন্যায় পালে সন্ত্ৰাসবাদী বুলি হত্যা কৰা সুখপালৰ পৰিয়ালে

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 17, 2023 9:46 am

১৯৯৪ চনত আৰক্ষীৰ এটা দলে ঘৰৰ পৰা উঠাই নিছিল সুখপাল সিঙক। তাৰ পিছত, ভুৱা এনকাউণ্টাৰত তেওঁক হত্যা কৰা হয়।

সুখপাল সিঙৰ মৃতদেহ দেখুৱাই আৰক্ষীয়ে দাবী কৰে যে সেয়া ‘ৱাণ্টেড’ সন্ত্ৰাসবাদী গুৰনাম সিং বান্দলাৰ।

সেই সময়ত সুখপালৰ পত্নী দলবীৰ কৌৰৰ বয়স আছিল মাত্ৰ ১৯ বছৰ। দুমাহৰ গৰ্ভৱতী আছিল তেওঁ। সেই সময়ৰ পৰাই পত্নী দলবীৰ কৌৰ আৰু শাহুৱেকে ন্যায়ৰ বাবে দীঘলীয়া আৰু কঠিন আইনী যুঁজ আৰম্ভ কৰিলে।

এই ঘটনাৰ চাৰি বছৰৰ পাছত জীৱিত অৱস্থাত গ্ৰেপ্তাৰ হয় গুৰনাম সিং বান্দালা। অৱশেষত ২৯ বছৰৰ অন্তত ৪৫ বছৰ বয়সত দলবীৰে এই যুঁজত জয়লাভ কৰে।

শেহতীয়াকৈ আৰক্ষীৰ এটা বিশেষ তদন্তকাৰী দলে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ক এই এনকাউণ্টাৰ ভুৱা বুলি জনাইছে। ইয়াৰ সন্দৰ্ভত আৰক্ষীৰ এগৰাকী প্ৰাক্তন আই জি আৰু আন কেইবাজনো আৰক্ষী বিষয়াৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে।

সুখপাল সিং পঞ্জাৱৰ গুৰদাসপুৰ জিলাৰ কালা আফগানা গাঁৱৰ বাসিন্দা আছিল। দলবীৰ কৌৰে কয় যে ১৯৯৪ চনত একাংশ আৰক্ষী বিষয়া আহি সুখপাল সিঙক  লৈ গৈছিল। পিছত পঞ্জাৱ আৰক্ষী বিষয়াৰ এটা দলে সুখবীৰক হত্যা কৰি তেওঁৰ মৃতদেহ সন্ত্ৰাসবাদী গুৰনাম সিং বান্দালৰ বুলি দাবী কৰে। সেই বছৰৰ ২৯ জুলাইত সুখপাল সিঙৰ পৰিয়ালে আৰক্ষী বিষয়াসকলৰ বিৰুদ্ধে ভুৱা এনকাউণ্টাৰত হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

ভুৱা এনকাউণ্টাৰৰ তেৰ বছৰৰ পাছত ২০০৭ চনত পঞ্জাৱ আৰক্ষীৰ  তদানীন্তন অতিৰিক্ত ডি আই জি জে পি ভাৰ্ডিয়ে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে। ২০১৩ চনত দলবীৰ কৌৰে এই ঘটনাৰ চিবিআই তদন্তৰ বাবে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত আবেদন জনায়। তেওঁৰ দাবীৰ প্ৰতি সঁহাৰি জনাই পঞ্জাৱ আৰক্ষীয়ে আন এটা তদন্তকাৰী দল গঠন কৰে।

অৱশেষত শনিবাৰে ডিজিপি গুৰপ্ৰীত কৌৰ দেও নেতৃত্বাধীন এছআইটিয়ে উচ্চ ন্যায়ালয়ত শপতনামা দাখিল কৰি কয় যে সুখপালৰ এনকাউণ্টাৰ আছিল ভুৱা।

ভুৱা তথ্যৰ ভিত্তিত আৰক্ষীয়ে ৰুজু কৰিছিল এফআইআৰ। ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত প্ৰাক্তন মহাপৰিদৰ্শক পৰমৰাজ সিং উমৰানাংগল আৰু আন কেইবাজনো আৰক্ষী বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।