NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাত গ্ৰেপ্তাৰ দিল্লীলৈ গাঞ্জা সৰবৰাহ কৰা অসমৰ দুই ব্যক্তি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 18, 2023 7:28 pm
cannabis smuggle

ত্ৰিপুৰা আৰক্ষীৰ জালত পৰিছে অসমৰ দুই গাঞ্জা সৰবৰাহকাৰী ব্যক্তি। ত্ৰিপুৰাৰ পৰা দিল্লীলৈ গাঞ্জা সৰবৰাহৰ চেষ্টা কৰাৰ সময়তে ত্ৰিপুৰা আৰক্ষীয়ে ব্যক্তি দুজনক চুৰাইবাৰীত আটক কৰে।

নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত ত্ৰিপুৰা আৰক্ষীয়ে চলাইছিল এই অভিযান। আৰক্ষীয়ে অভিযান চলাই কণ্টেইনাৰ ট্ৰাকৰ ভিতৰত ছ’ফাত লুকুৱাই থোৱা ১৫০ কেজি ভাং উদ্ধাৰ কৰে।

জব্দকৃত নিষিদ্ধ দ্ৰব্যখিনিৰ চোৰাং বজাৰত মূল্য প্ৰায় ২৫ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে। ধৃত দুই ব্যক্তি বঙাইগাঁৱৰ মুজিবৰ আলী আৰু জাহাংগীৰ আলম বুলি চিনাক্ত কৰা হৈছে।

উত্তৰ ত্ৰিপুৰা জিলা আৰক্ষী অধীক্ষক ভানুপদ চক্ৰৱৰ্তীয়ে এই সফলতাৰ কৃতিত্ব দিয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মাণিক সাহাক।

ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে যুঁজিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ ৰাজ্যতে ১৬টা চেকিং পইণ্ট স্থাপন কৰাৰ বাবে তেওঁক এই কৃতিত্ব দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে।

তেওঁ লগতে চোৰাং ব্যৱসায়ীয়ে বিভিন্ন কৌশল ব্যৱহাৰ কৰাৰ পাছতো নিয়মীয়াকৈ চেকিং চলোৱাৰ ফলত তেওঁলোকৰ এই প্ৰচেষ্টা ধাৰাবাহিকভাৱে বিফল হোৱা বুলি জানিবলৈ দিয়ে।