NORTHEAST NOW (Assamese)
অসম

মাটিৰ ভুৱা নথিৰে প্ৰতাৰণা কৰি আৰক্ষীৰ জালত দুই প্ৰৱঞ্চক, জড়িত জিলা উপায়ুক্ত কাৰ্যালয়ৰ বিষয়াও

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 22, 2023 5:42 pm

শুকুৰবাৰে গুৱাহাটী আৰক্ষীয়ে ভূমিৰ জাল নথিপত্ৰ প্ৰস্তুত কৰা আৰু মানুহক প্ৰতাৰণা কৰাৰ অভিযোগত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ হোৱা অভিযুক্ত দুজন প্ৰদ্যুTt শইকীয়া আৰু দেৱজিৎ নাথ।

খবৰ অনুসৰি, তেওঁলোক দুজনে ভুৱা পেন কাৰ্ডৰে ভূমিৰ ভুৱা নথিপত্ৰ তৈয়াৰ কৰি দীৰ্ঘদিন ধৰি কেইবাজনো লোকক প্ৰতাৰণা কৰি আহিছিল। ভুৱা নথিৰে মাটি বিক্ৰী কৰি বহু লোকৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰি আহিছে এই দুজন প্ৰতাৰকে।

জানিব পৰা মতে এই দুজন প্ৰৱঞ্চকৰ বিৰুদ্ধে কেইবাখনো থানাত এজাহাৰ দাখিল কৰা হৈছে। বৰ্তমান তেওঁলোক দিছপুৰ আৰক্ষীৰ জিম্মাত আছে।

দেৱজিৎ নাথৰ এক বিস্ফোৰক স্বীকাৰোক্তি অনুসৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কেইবাজনো বিষয়া এই ভূমি কেলেংকাৰীৰ সৈতে জড়িত। ইয়াৰ লগত উপপঞ্জীয়কজনো জড়িত বুলিও সদৰী কৰিছে দেৱজিৎ নাথে।