NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলত চোৰাংচিকাৰীৰে আৰক্ষীৰ প্ৰচণ্ড গুলীয়াগুলী 

Posted by: উত্তম শইকীয়া   May 12, 2018 2:53 pm
Kaziranga

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ ৰেঞ্জৰ কঁঠাল চাং বনশিবিৰ এলেকাত চোৰাংচিকাৰী আৰু আৰক্ষীৰ মাজত শনিবাৰে পুৱতিনিশা প্ৰচণ্ড গুলীয়াগুলি সংঘৰ্টিত হয় । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ  কাষৰ আমগুৰিৰ গঞ্জু বস্তিত সংঘৰ্টিত এই ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও চোৰাংচিকাৰীৰ সন্ধানত অভিযান তীব্ৰ কৰি তুলিছে আৰক্ষী আৰু বন কৰ্মীয়ে ।

শুকুৰবাৰে কুকুৰাকটা পাহাৰত চোৰাংচিকাৰীয়ে এটা গঁড় হত্যাৰ কৰি খৰ্গ কাটি নিয়াৰ পাছতেই চোৰাংচিকাৰীৰ সন্ধানত অভিযান আৰম্ভ কৰিছিল কাজিৰঙাৰ বন কৰ্মী আৰু জখলাবন্ধা আৰক্ষীয়ে ৷ যাৰ বাবে বনাঞ্চলতে আত্মগোপন কৰি আছিল চোৰাংচিকাৰীৰ দলটোৱে।

শনিবাৰে কুকুৰাকটা সংৰক্ষিত বনাঞ্চলৰ পৰা দক্ষিণৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ কাৰ্বি আংলঙৰ বনাঞ্চললৈ যোৱাৰ সময়তে জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া  দেৱেন বৰাৰ নেতৃত্বত যোৱা অভিযানকাৰী আৰক্ষী দলৰ মুখামুখি হয় চোৰাংচিকাৰীৰ দলটো ৷

ফলত দুয়োটা দলৰ মাজত প্ৰচণ্ড আক্ৰমণ- প্ৰত্যাক্ৰমণৰ ঘটনা সংঘৰ্টিত হয় যদিও চোৰাংচিকাৰীৰ দলটোৱে আন্ধাৰৰ সুযোগ লৈ কাৰ্বি পাহাৰৰ দিশে পলায়ন কৰিবলৈ সক্ষম হয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷

চোৰাংচিকাৰীৰ দলটোত তিনিজন সদস্য থকা বুলি সন্দেহ কৰিছে অভিযানকাৰী আৰক্ষীৰ দলে ৷ ইফালে গুলীয়াগুলী সংঘটিত ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে  চোকা অস্ত্ৰৰ লগতে ১৮ জাঁই ব্যৱহৃত গুলী  উদ্ধাৰ কৰিছে ৷