NORTHEAST NOW (Assamese)
দেশ

প্ৰতিশোধ! যৌন নিৰ্যাতনত অভিযুক্ত যুৱকৰ প্ৰাণ ল’লে তিনি নাবালকে; প্ৰমাণ নষ্ট কৰিবলৈ জ্বলাই দিলে শৰীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 25, 2023 4:12 pm
Three minors stab Delhi man

এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি তুলিছে দেশৰ ৰাজধানী দিল্লী। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, দক্ষিণ-পূব দিল্লীৰ হজৰত নিজামুদ্দিন অঞ্চলত ২৫ বছৰীয়া এজন যুৱকক ছুৰীকাঘাত কৰি হত্যা কৰে তিনিজন নাবালকে।

হত্যাকাণ্ডৰ পিছত হত্যাৰ প্ৰমাণ নষ্ট কৰিবলৈ যুৱকজনৰ মৃতদেহ প্ৰমাণ নষ্ট কৰাৰ মানসেৰে অভিযুক্ত নাবালক তিনিজনে শুকান ঘাঁহ আৰু কাপোৰৰ ব্যৱহাৰ কৰি জ্বলাই দিয়ে বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰকাশ কৰা মতে, কিশোৰ তিনিজনৰে এজনক নিহত যুৱকজনে যৌন নিৰ্যাতন চলাইছিল আৰু তাৰ প্ৰতিশোধমৰ্মেই তিনিও লগ হৈ যুৱকজনক হত্যা কৰে।

এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ ভাষ্য মতে, আৰক্ষীয়ে ২৩ ডিচেম্বৰৰ নিশা এই কাণ্ডৰ তথ্য লাভ কৰে আৰু তাৰ পিছতে হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত ১৬-১৭ বছৰ বয়সৰ তিনিজন নাবালকক গ্ৰেপ্তাৰ কৰে।

নিজামুদ্দিন বস্তি অঞ্চলৰ পৰা আৰক্ষীয়ে আটক কৰে অভিযুক্ত নাবালক তিনিজনক। তেওঁলোকে যুৱকজনক হত্যা কৰাৰ কথা স্বীকাৰ কৰা বুলি আৰক্ষী বিষয়াজনে জানিবলৈ দিয়ে।

নাবালক কেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষী এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু খুছৰো উদ্যানত আধা জ্বলি যোৱা অৱস্থাত পৰি থকা মৃতদেহটো উদ্ধাৰ কৰে।

ইয়াৰ পিছতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে এইমছলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। নাবালক তিনিজনে আৰক্ষীক জানিবলৈ দিয়া মতে যোৱা ২১ ডিচেম্বৰৰ নিশা যুৱকজনক হত্যা কৰিছিল তেওঁলোকে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই হত্যাৰ পৰিকল্পনা ৰচনা কৰিছিল এজন নাবালকে আৰু সেই অনুসাৰেই ঘটনাৰ ৰূপ দিয়া হৈছিল। মৃত আজাদ নামৰ যুৱকজনৰ চৰিত্ৰ ভাল নাছিল বুলি অৱশ্যে আৰক্ষীয়ে উল্লেখ কৰে।

হত্যাকাণ্ডত ব্যৱহৃত ছুৰী, শিল তথা আন সা-সঁজুলি উদ্ধাৰ কৰা বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। তিনিও অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বুলিও তেওঁ লগতে সদৰী কৰে।