NORTHEAST NOW (Assamese)
দেশ

ৰাম মোৰ হৃদয়ত আছে, শ্ব’ অফৰ কোনো প্ৰয়োজন নাইঃ মন্তব্য কপিল ছিবালৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 26, 2023 1:09 pm
Ram Mandir Kapil Sibal

অহা ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠান অনুষ্ঠিত হ’ব। এই অনুষ্ঠানৰ বাবে কেন্দ্ৰীয় বিজেপি চৰকাৰৰ তৎপৰতা বৃদ্ধি পাইছে। অনুষ্ঠানলৈ বিৰোধীৰ বহু নেতাকো নিমন্ত্ৰণ দিছে বিজেপিয়ে।

ৰাম মন্দিৰৰ এই অভিষেক অনুষ্ঠানত দেশৰ জ্যেষ্ঠ ৰাজনীতিজ্ঞ তথা ৰাজ্যসভাৰ সাংসদ কপিল ছিবাল উপস্থিত থাকিব নেকি সেই সম্পৰ্কে এক প্ৰশ্নৰ সন্মুখীন হয়। এই প্ৰশ্নৰ উত্তৰত জ্যেষ্ঠ ৰাজনীতিবিদগৰাকীয়ে দিয়ে এক বিশেষ উত্তৰ।

ছিবালে কয় যে ভগৱান ৰাম তেওঁৰ হৃদয়ত আছে আৰু সেয়া দেখাবলৈ তেওঁ কোনো শ্ব’ অফত লিপ্ত হোৱাৰ প্ৰয়োজন নাই। যদি ৰাম মোৰ হৃদয়ত থাকে আৰু তেওঁ মোক সমগ্ৰ যাত্ৰাত পথ প্ৰদৰ্শন কৰিছে, ইয়াৰ অৰ্থ হৈছে মই কিবা এটা সঠিক কাম কৰিছো।”- ছিবালে কয়।

তেওঁ লগতে সমগ্ৰ ৰাম মন্দিৰ নিৰ্মাণ বিষয়টো এটা শ্ব’ অফ বুলিও অভিহিত কৰে। বিজেপিয়ে ৰামৰ কথা কয় যদিও দলটোৰ আচৰণ, চৰিত্ৰ ৰামৰ সৈতে ক’তো মিল নাই বুলি ছিবালে তীৰ্যক মন্তব্য কৰে।

“সত্যতা, সহনশীলতা, ত্যাগ, আৰু আনৰ প্ৰতি সন্মান ৰামৰ কিছুমান বৈশিষ্ট্য, কিন্তু বিজেপিয়ে ইয়াৰ সম্পূৰ্ণ বিপৰীত কাৰ্য কৰে। তাৰ পিছতো তেওঁলোকে কয় যে তেওঁলোকে ৰাম মন্দিৰ নিৰ্মাণ কৰি আছে আৰু ৰামক মহিমামণ্ডিত কৰিছে।”- ছিবালে লগতে কয়।

প্ৰবীণ ৰাজনীতিবিদগৰাকীয়ে কয় যে ভগৱান ৰামৰ নীতি-নিয়ম নিজৰ অন্তৰত থকা আৰু তেওঁৰ নীতি অনুসৰণ কৰি সাংবিধানিক লক্ষ্য পূৰণ কৰাটো প্ৰয়োজন।

বিজেপিক কঠোৰ আক্ৰমণ কৰি কপিল ছিবালে লগতে হৃদয়ত ৰামৰ নীতি থাকিব লাগিব আৰু তেওঁৰ নীতি অনুসৰণ কৰি সাংবিধানিক লক্ষ্য পূৰণ কৰিব লাগিব বুলি মন্তব্য কৰে।

সংসদত নতুনকৈ গৃহীত হোৱা অপৰাধমূলক বিধেয়কসমূহৰ সন্দৰ্ভতো ছিবালে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। এই বিধেয়কসমূহ অধিক কঠোৰ আৰু ইয়াত কোনো ‘ভাৰতীয়তা’ নাই বুলি অভিযোগ কৰে ছিবালে।