ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ প্লাণ্টত ভয়াৱহ বিস্ফোৰণঃ এজন শ্ৰমিক নিহত

চেন্নাইৰ এক ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ প্লাণ্টত আজি সংঘটিত হয় এক ভয়াৱহ বিস্ফোৰণ।
চহৰখনৰ টণ্ডিয়াৰপেট অঞ্চলত থকা ইণ্ডিয়ান অইলৰ প্লাণ্টত হয় এই বিস্ফোৰণ।
বিস্ফোৰণত এজন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন এজন শ্ৰমিক গুৰুতৰভাৱে আহত হয়।
মেৰামতিৰ সময়ত দুটা ইথানল টেংকত বিস্ফোৰণ হোৱাৰ ফলত এই ঘটনা সংঘটিত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
বিস্ফোৰণৰ পিছতে পাঁচখন অগ্নি নিৰ্বাপক বাহন তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয় আৰু নিয়ন্ত্ৰণ কৰে।
নিহত শ্ৰমিকজনক পেৰুমল বুলি চিনাক্ত কৰা হৈছে। বিস্ফোৰণত তেওঁৰ থিতাতে মৃত্যু হয়।
আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আনজন শ্ৰমিকক কৰ্তৃপক্ষই উদ্ধাৰ কৰে আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
এই বিস্ফোৰণৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই বুলি স্থানীয় এজন বিষয়াই জানিবলৈ দিয়ে।