ভূমি কেলেংকাৰী গোচৰত ইডিৰ চাৰ্জশ্বীটত এইবাৰ প্ৰিয়ংকা গান্ধীৰ নাম

ভূমি কেলেংকাৰীৰ সৈতে জড়িত এক গোচৰৰ অভিযোগনামাত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ নাম উল্লেখ কৰা হৈছে। ইডিৰ চাৰ্জশ্বীটত প্ৰিয়ংকাৰ স্বামী ৰবাৰ্ট ভাদ্ৰাৰ নামো আছে। ভূমি কেলেংকাৰীত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ নাম জড়িত হৈ পৰিছে। হাৰিয়ানাৰ ফৰিদাবাদত প্ৰমোটিঙৰ বাবে কৃষিভূমি ক্ৰয় কৰা গোচৰৰ তদন্তত চাৰ্জশ্বীটত প্ৰিয়ংকা গান্ধীৰ নাম উল্লেখ কৰা হৈছে।
তদন্তত প্ৰকাশ পাইছে যে ৰবাৰ্ট ভাদ্ৰা আৰু চি চি থাম্পীৰ উপৰিও প্ৰিয়ংকা গান্ধীয়েও হাৰিয়ানাত অবৈধভাৱে মাটি ক্ৰয় কৰিছিল। ইডিয়ে অভিযোগ কৰে যে থাম্পি আৰু ৰবাৰ্ট ভাদ্ৰাৰ মাজত গভীৰ সম্পৰ্ক আছিল।
লগতে পঢ়কঃ ‘ৰাজধৰ্ম’ পালন কৰা নাই মুখ্যমন্ত্ৰীয়ে! হিমন্ত বিশ্ব শৰ্মাৰ ‘বৰ্ণবিদ্বেষী’ পোষ্টক লৈ অব্যাহত বিতৰ্ক
২০০৬ চনত প্ৰিয়ংকা আৰু ৰবাৰ্টে দিল্লীৰ ৰিয়েল এষ্টেট এজেণ্ট এইচ এল পাহৱালৰ জৰিয়তে হাৰিয়ানাৰ ফৰিদাবাদত পাঁচ একৰ কৃষিভূমি ক্ৰয় কৰিছিল। তাৰ পিছত প্ৰিয়ংকা গান্ধীয়ে ২০১০ চনত প্ৰবাসী ভাৰতীয় ব্যৱসায়ী চি চি থাম্পীক মাটি বিক্ৰী কৰাত মুখ্য ভূমিকা পালন কৰিছিল।
সূত্ৰ অনুসৰি, প্ৰিয়ংকাক অভিযোগনামাত অভিযুক্ত হিচাপে দেখুওৱা হৈছে। সেই গোচৰৰ অন্যতম অভিযুক্ত ৰবাৰ্ট ভাদ্ৰা। ৰবাৰ্টৰ নাম অৱশ্যে এই গোচৰৰ সৈতে আগৰে পৰা জড়িত হৈ আছে।
লগতে পঢ়কঃতামিল চলচ্চিত্ৰ আৰু ৰাজনীতিৰ অবিসম্বাদী তাৰকা বিজয়কান্তৰ দেহাৱসান; আক্ৰান্ত হৈছিল কোভিডত
‘প্ৰিভেনশ্যন অফ মানি লণ্ডাৰিং এক্ট’ (পিএমএলএ) সংক্ৰান্ত গোচৰৰ অভিযোগনামাত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ নাম উল্লেখ কৰা হৈছে। প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) জনাইছে যে ৰবাৰ্ট ভাদ্ৰা আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাই দিল্লীস্থিত ৰিয়েল এষ্টেট এজেণ্টৰ জৰিয়তে হাৰিয়ানাত মাটি ক্ৰয় কৰিছিল।